ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত মে-ডাম-মে-ফী উদযাপন:ৰুবী গগৈ সন্দিকৈলৈ জাচিংফা বঁটা

ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত মে-ডাম-মে-ফী উদযাপন:ৰুবী গগৈ সন্দিকৈলৈ জাচিংফা বঁটা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো দিনযোৰা কাৰ্যসূচীৰে আজি বিভিন্ন প্ৰান্তত মে-ডাম-মে-ফী পালনেৰে  উপৰিপুৰুষ সকলক স্মৰণ কৰা হয়। ডিব্ৰুগড়ৰ তাই ভাষা আৰু কৃষ্টি – সংস্কৃতি চৰ্চাৰ অন্যতম কেন্দ্ৰ টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় মে-দাম-মে-ফী উৎসৱ। এই উপলক্ষে পুৱা ড্ৰেগন অংকনৰ সোণালী পতাকা উত্তোলন কৰে টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেম কান্ত দিহিঙীয়াই। ইয়াৰ পাছতে মুলুং নৱ ফুকনৰ পৰিচালনাত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে ডিব্ৰুগড় জিলাৰ আহোম সভাৰ সম্পাদক দিগন্ত ফুকনে আঁত ধৰা মুকলি সভাত উপস্থিত থাকি ইন্দ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত “লিট মাইহাং” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট চিকিৎসক  গৌৰিশংকৰ বৰগোহাঁইয়ে, মুকলি সভাতে অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত মুখ্য সচিব বিশ্বজিৎ ফুকন , অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, সুদূৰ মুম্বাইৰ অসম ভৱনৰ ত্ৰিনয়ন সন্দিকৈ, ডিব্ৰুগড় টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেমকান্ত দিহিঙ্গীয়া, সম্পাদক দুৰ্লভ গগৈ, আহোম সভাৰ ডিব্ৰুগড় জিলা সভাপতি ৰঞ্জিত বৰুৱাসহ বিশিষ্ট ব্যক্তি সকল মে-ডাম-মে-ফী অনুষ্ঠানৰ মুকলি সভাতে টাই কৃষ্টি সংস্কৃতিৰ উত্তৰোণৰ ক্ষেত্ৰত তথা প্ৰসাৰৰ ক্ষেত্ৰত দীৰ্ঘদিন কাম কৰি অহা ডিব্ৰুগড়ৰ ৰুবী গগৈ সন্দিকৈলৈ “জাছিংফা” বঁটা আগবঢ়োৱা হয়। আনহাতে মুকলি সভাৰ পাছতে ৰুবী গগৈ সন্দিকৈৰ পৰিচালনাত কেইবাটাও নৃত্যৰ জৰিয়তে আৰু সংগীতজ্ঞ গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত টাই জাতীয় সংগীতসহ কেইবাটাও টাই ভাষাৰ গীত আৰু শিল্পী ভূৱন গগৈৰ দ্বাৰা গীত পৰিৱেশনেৰে পৰিৱেশ মুখৰিত কৰি তোলে। আনহাতে পুৱাৰ ভাগত মাৰাঠী ভাষাৰ এগৰাকী নৱাগতা শিল্পী তথা অসমীয়া বোৱাৰী গৌৰী বোধনকাৰৰ কণ্ঠৰ এটা গীত সামাজিক মাধ্যমত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে।মে-ডাম-মে-ফী উপলক্ষে আহোম জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় লোক উপস্থিত থাকি মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সমূহীয়াভাৱে ভোজত অংশগ্ৰহণ কৰে।আনহাতে ডিব্ৰুগড়ৰ বাণীপুৰত নাম ডাউফী সংঘৰ সৌজন্যত আৰু বাণীপুৰ বকপাৰা বাসীৰ সহযোগত মে ডাম মে ফী উদযাপন কৰা হয়। এই উপলক্ষে পতাকা উত্তোলন, মাংগলিক অনুষ্ঠান, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিশিষ্ট ব্যক্তি জনক সকলৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত কৰা হয়। তদুপৰি টাই আহোম যুৱ পৰিষদৰ বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত টাইপা সদৰ আঞ্চলিক সমিতি আৰু সদৌ বৰপথাৰ ৰাইজৰ সহযোগত বৰপথাৰ দীঘলা গাঁৱত অনুষ্ঠিত কৰা হয় মে-ডাম-মে-ফী উৎসৱ।এই উপলক্ষে মাংগলিক অনুষ্ঠানকে ধৰি মৈদাম তৰ্পণ আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।