ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়তো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড়স্থিত আউনীআটী বিদ্যা নিকেতনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি অশোক কুমাৰ দাসে। তাৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য গীত আদি পৰিৱেশন কৰে। বিদ্যালয়ৰ অধ্যক্ষা মণিকা ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিৱসটিৰ তাৎপৰ্য সম্পৰ্কে মূল ভাষণ আগবঢ়ায় শিক্ষয়িত্ৰী মৌচুমী ফুকনে। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়ায় আউনীআটী বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সচিব সুমন দত্তই। শিক্ষয়িত্ৰী প্ৰস্তুতি বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় আউনীআটী বিদ্যা নিকেতনৰ সমন্বয়ক অন্নপূৰ্ণা দেউৰীয়ে। পৰিচালনা সমিতিৰ হৈ উপস্থিত থাকে ক্ৰমে শান্তনু শৰ্মা, ভৱেন সোনোৱাল, বিধু বৰকাকতীকে ধৰি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকল।  দক্ষিণ আমোলাপট্টিৰ মুছলিম কল্যাণ সমিতিৰ উদ্যোগত উদ্যোক্তা অনুষ্ঠানৰ জ্যেষ্ঠ্য সদস্য, সমাজকৰ্মী চৈয়দ মহচিনূৰ ৰহমানৰ গৃহ চৌহদত স্বাধীনতা দিৱস উপলক্ষত পতাকা উত্তোলৰ এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী ৰূপায়ন কৰা হুয়।।সম্পাদক চৈয়দ মোস্তাক ৰহমানৰ সহযোগত এই কাৰ্যসূচীত পতাকা উত্তোলন কৰি উদ্যোক্তা অনুষ্ঠানৰ সভাপতি চেহিৰ আহমদে পতাকাখনিৰ ইতিহাস যে বহুত ত্যাগৰ কাহিনীৰে সমৃদ্ধ হৈ আছে সেই কথা শ্ৰদ্ধাৰে সোঁৱৰে। ডিব্ৰুগড়ৰ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা পূব বাণীপুৰ আঞ্চলিক সমিতিৰ সহযোগত স্বাধীনতা দিৱস উদযাপন কৰা হয়। লগতে এখনি চিত্ৰাঙ্কন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। অনুষ্ঠানত পৰিষদৰ জিলা সমিতিৰ সভাপতি ৰহিমূল হুছেইন, সাধাৰণ সম্পাদক নাছিৰ আহমেদকে ধৰি কেন্দ্ৰীয় সমিতি , জিলা সমিতি তথা পূব বাণীপুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমূল হুছেইনে জাতীয় পতাকা উত্তোলন কৰে। চিত্ৰাঙ্কন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলক জিলা সমিতিৰ তৰফৰ পৰা পদক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ চৰকাৰী পেন্সনাৰ সন্থা ডিব্ৰুগড় শাখাই চৰকাৰী পেন্সনাৰ ভৱনত স্বাধীনতা দিৱস পালন কৰে । সম্পাদক মৃদুল শৰ্মাই আঁত ধৰা কাৰ্যসূচীত পতাকা উত্তোলন কৰে শাখাৰ সভাপতি ভীম বাহাদুৰ চেত্ৰীয়ে । প্ৰাক্তন সভাপতি গুৰুনাম সিংহ , সভাপতি ভীম বাহাদুৰ চেত্ৰী ,উপদেষ্টা সুৰেইয়া নুৰ খান বেগম , যুটীয়া সম্পাদক দীপক কুমাৰ নেওগ , সম্পাদক মৃদুল শৰ্মা আদিয়ে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ দাৰুল হাদিছ মাদ্ৰাছাতুল বানাত, চাউলখোৱাতো দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ডেৰশ লোকৰ উপস্থিতিত পতাকা উত্তোলন কৰে আলহজ্ব মণিৰ উদ্দিন আহমেদে। দেশৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়া সংগ্ৰামী সকলোক শ্ৰদ্ধাৰে স্মৰণ কৰি সম্পাদক আৰিফ উদ্দিন আহমেদে স্বাধীনতাৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে।  ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ ‘বহাগী মেলা উদযাপন সমিতি’ৰ উদ্যোগত স্থানীয় ফিচাৰি প্ৰাংগনত পতাকা উত্তোলন কৰি সমিতিৰ সভাপতি ভৰত চন্দ্ৰ দাসে বহুতো বীৰ বীৰাংগনাৰ অশেষ ত্যাগৰ বিনিময়ত এই স্বাধীনতা লাভ কৰাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে।বৃক্ষৰোপণ কাৰ্যসূচীত ডিব্ৰুগড় পৌৰনিগমৰ ৱাৰ্ড কাউঞ্চিলৰ বিনুমা দাসৰ উপৰিও অনুষ্ঠানটোৰ লগত নিবিড়ভাৱে জড়িত চেহিৰ আহমদ,অশোক বৰুৱা, বিপুল গোহাঁই, মনোৱাৰ জামান, দীপু কাকতি, মানস কুমাৰ দত্ত, কেশৱ চন্দ্ৰ দাস, সত্যজিৎ দুৱৰা, মিফতাহুল হুদা আদিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ শেষলৈ স্থানীয় কণ কণ লৰা ছোৱালীৰ মাজত খেল ধেমালি অনুষ্ঠিত হয়।