ডিব্ৰুগড়ৰ বিধায়কৰ শুভউদ্বোধন নৱনিৰ্মিত হাৰাবাৰী লাইন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ

ডিব্ৰুগড়ৰ বিধায়কৰ শুভউদ্বোধন নৱনিৰ্মিত হাৰাবাৰী লাইন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে লাহোৱাল সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মাইজান খণ্ডৰ অন্তৰ্গত নৱনিৰ্মিত হাৰাবাৰী লাইন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ-উদ্ধোধন কৰাৰ লগতে সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আয়োজিত বিভিন্ন কাৰ্যসূচীৰো শুভাৰম্ভনী কৰে। সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী যেনে -পোষণ মেলা, অন্নপ্ৰশন, গৰ্ভৱতী মহিলাৰ বাবে পঞ্চামৃত, প্ৰসুতি মাতৃ, ৬ মাহৰ উৰ্দ্ধৰ শিশুৰ অভিভাৱক, গৰ্ভৱতী মহিলা তথা কিশোৰী সকলৰ পুষ্টিকৰ আহাৰ আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় সজাগতা সভাৰ আয়োজন কৰা হয়। বিধায়ক প্ৰশান্ত ফুকনে পোষণ ট্ৰেকাৰ টেকন’লজি সম্পৰ্কে কিছু বক্তব্য ডাঙি ধৰাৰ লগতে হিতাধিকাৰী সকলক নৱ-নিৰ্মিত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ সা-সুবিধাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাই। এই কাৰ্য্যসূচীত উপস্থিত থাকে গ্ৰীণউড চাহ বাগিচাৰ প্ৰধান পৰিচালক মোহন সিং জামৱাল, সাধাৰণ পৰিচালক পল্লৱজ্যোতি দত্ত, লাহোৱাল সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ খণ্ড সমন্বয়ক প্ৰকাশ তাও, মাইজান খণ্ডৰ মুখ্য সেৱিকা ভাৰতী গগৈ কোঁৱৰ আৰু মাইজান খণ্ডৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ লগতে স্থানীয় ৰাইজ।