ডিব্ৰুগড়ৰ বান্ধৈ কৃষি পামত কন্ঠশিল্পী পৰিস্মিতা ফুকনৰ ‘তোমাৰ গানে’ শীৰ্ষক গীতৰ মুক্তিলাভ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বুনিয়াদ মিউজিকেল প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু অৰ্পণা বড়াৰ দ্বাৰা প্ৰযোজিত এটি মনপৰশা আধুনিক গীত জনপ্ৰিয় কণ্ঠশিল্পী পৰিস্মিতা ফুকনৰ কণ্ঠত কাতি বিহুৰ দিনা মুক্তি লাভ কৰে ৷’তোমাৰ গানে’ শীৰ্ষক গীতটিৰ কথা অসমৰ অন্যতম এগৰাকী বিশিষ্ট কবি, গীতিকাৰ, চিন্তাশীল লেখক ভূষণজ্যোতি সন্দিকৈৰ ৷গীতটিৰ সুৰ কৰিছে ’অসমীয়া প্ৰতিদিন’ কাকতৰ জ্যোষ্ঠ সহকাৰী সম্পাদক তথা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ মণি মহন্তই। দেৱজিত বৰাৰ পৰিকল্পনাৰে গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে লক্ষ্যজিত বৰুৱাই। ডিব্ৰুগড়ৰ বকুলত থকা “বান্ধৈ কৃষি পাম”ত কাতি বিহুৰ সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গীতটি শুভ উন্মোচন কৰে আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত বিহুগীতৰ শিল্পী তথা গীতিকাৰ, সুৰকাৰ ভুৱন গগৈয়ে। উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে ডিব্ৰুগড়ৰ জ্যোষ্ঠ সাংবাদিক ইকবাল আহমেদ, সাংবাদিক ললিত শৰ্মা , লেখক – অধ্যাপক ডঃ লোহিত শইকীয়া ,সাংস্কৃতিক কৰ্মী ৰঞ্জন গগৈ, বিহুৱা জিতেন দাস, পৰিৱেশ কৰ্মী মইনুল হক,অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ আৰু আদিত্য শইকীয়াকে ধৰি স্থানীয় গণ্য মান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।গীতটি ইউটিউবত বুনিয়াদ মিউজিকেল প্ৰডাকচন যোগে সংগীত প্ৰেমী শ্ৰোতা – দৰ্শকৰ বাবে উপলব্ধ বুলি অৰ্পনা বড়াই জানিবলৈ দিয়ে।