ডিব্ৰুগড়ৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী কৃতী শিক্ষয়িত্ৰী জ্যোতি বৰুৱাৰ মৃত্যু

ডিব্ৰুগড়ৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী কৃতী শিক্ষয়িত্ৰী জ্যোতি বৰুৱাৰ মৃত্যু

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা নিবাসী, স্থানীয় বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী অৱসৰী শিক্ষয়িত্ৰী জ্যোতি বৰুৱাৰ আকস্মিক আঘাটজনিত কাৰণত দীৰ্ঘদিন শয্যাগত হৈ থাকি আজি (১৪/১১/২৩) মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। উল্লেখযোগ্য যে তেখেতৰ স্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক প্ৰয়াত পৰেশ বৰুৱাৰ দুবছৰ পূৰ্বে বিয়োগ হোৱাৰ পাছত ডেৰ বছৰ পূৰ্বে তেখেতৰ বৰপুত্ৰ, এন আৰ এলৰ মুখ্য প্রৱন্ধক ৰক্তিম বৰুৱাৰ ধনশিৰি নৈত সলিল সমাধি ঘটাৰ পাছত প্ৰয়াত জ্যোতি বৰুৱাই শাৰীৰিক তথা মানসিক বিপৰ্যয়ত হাৰ নামানি দৈনন্দিন কাৰ্য সম্পাদন কৰাৰ লগতে যোগ্যতা অৰ্জন কৰি গৈছিল। কৃতী শিক্ষয়িত্ৰী গৰাকীৰ বিয়োগত পৰিয়াল তথা স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতে বৰ পুত্ৰৰ বোৱাৰী আৰু দুটি নাতি নাতিনীৰ লগতে সৰু পুত্ৰৰ দুটি নাতি ল’ৰা সহ বোৱাৰীক ইহ সংসাৰত এৰি যায়।