ডিব্ৰুগড়ৰ বগীবিলত আৰক্ষী চকীত অঘটন

ডিব্ৰুগড়ৰ বগীবিলত আৰক্ষী চকীত অঘটন::আৰক্ষীৰ গুলীত  আহত আৰক্ষী
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত এজন কনিষ্ঠবলৰ গুলীত আৰক্ষী চকীৰে ভাৰপ্ৰাপ্ত বিষয়া তীৰ্থ চেত্ৰীৰ আহত হয়। এগৰাকী কনিষ্ঠবলে হাতত এটা এচ এল আৰ লৈ আত্মহত্যা কৰিবলৈ চেষ্টা কৰাত  কনিষ্টবল জনক প্ৰাণ বচাবলৈ গৈ বগীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত  বিষয়া তীৰ্থ চেত্ৰী গুলীবিদ্ধ হয়।ঘটনাৰ  বিৱৰণী মতে বগীবিল আৰক্ষী চকীত কৰ্তব্যৰত কনিষ্টবল প্ৰাঞ্জল বৰাই বগীবিল আৰক্ষী চকীতেই বন্দুকেৰে আত্মহত্যাৰ চেষ্টা চলাওতেই এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।আৰক্ষী সূত্রৰ মতে কনিষ্টবল প্ৰাঞ্জল বৰাই পাৰিবাৰিক কাৰণত মানসিক ভাৰসাম্য হেৰুৱাই থানাত থকা এজন কনিষ্টবলৰ পৰা এচ এল আৰটো লৈ নিজকে গুলীয়াবলৈ খোজে। প্ৰথমে এজাই গুলী ফুটি আৰক্ষী চকীৰ টিনপাতত লাগে।সেই সময়তেই তীৰ্থ চেত্ৰীয়ে কনিষ্টবল জনক প্ৰাণ বচাবলৈ গৈ হাতত গুলীবিদ্ধ হৈ আঘাটপ্ৰাপ্ত হয়। ইতিমধ‍্যে আত্মহত্যাৰ চেষ্টা চলোৱা কনিষ্টবল জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত আৰক্ষী চেত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ আৰক্ষী বিভাগৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। চেত্ৰী আঘাতপ্ৰাপ্ত হোৱা খবৰ মূহুৰ্ততে বিয়পি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে আঁতৰি দিয়াৰ বাবেহে কোনোমতে প্ৰাণ ৰক্ষা পৰে।ইতিমধ্যে বৰবৰুৱাৰ আৰক্ষীয়ে প্ৰাঞ্জল বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে গুলী চালনা কৰা এচ এল আৰ জব্দ কৰিছে। প্ৰাঞ্জল বৰাৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।উল্লেখ্যযোগ্য যে বগীবিল আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ বগীবিলত অন্তিমটো দিন আছিল আৰু কাৰ্বি আংলঙলৈ বদলি হৈছিল।এই ঘটনাৰ পাছত ডিব্ৰুগড় আৰক্ষীৰ এটা দলে বগীবিল আৰক্ষী চকীত উপস্থিত হৈ তেজৰ চেকুৰা, নমুনা সংগ্রহ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত চলায় লগতে  আৰু বৰবৰুৱা থানাত জেৰা চলাই থকা হৈছে প্ৰাঞ্জল বৰাক। প্ৰাঞ্জলৰ দ্বিতীয়া পত্নী পৰিস্মৃতা দাসকো আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাই প্ৰমাণ কৰে যে আৰক্ষী থানাত আৰক্ষীৰে যদি নিৰাপত্তা নাই তেতিয়া সৰ্বসাধাৰণ ৰাইজৰ কি অৱস্থা হব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।