ডিব্ৰুগড়ৰ পৰা ৩৬ হজযাত্ৰী মক্কা মদিনালৈ ৰাওনা

ডিব্ৰুগড়ৰ পৰা ৩৬ হজযাত্ৰী মক্কা মদিনালৈ ৰাওনা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ পৰা এই বছৰ মুঠ ৩৬ গৰাকী হজযাত্ৰী হজ কৰাৰ উদ্দেশ্যে পৱিত্ৰ মক্কা মদিনা লৈ ৰাওনা হৈছে।এই উদ্দেশ্যে যোৱা ২২-৫-২৪ ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল স্টেচনৰ পৰা দুখন ৰাজধানী এক্সপ্ৰেছ ৰে’লেৰে হজযাত্ৰী সকলে গুৱাহাটীলৈ ৰাওনা হয়। প্ৰায় দুহেজাৰৰো অধিক আত্মীয় স্বজন, বন্ধু বান্ধবী তথা ওচৰ চুবুৰীয়াই হজযাত্ৰী সকলক ৰে’ল স্টেচনত আবেগিক ভাৱে বিদায় দিয়ে আৰু হজযাত্ৰী সকলেও বিশ্ব শান্তিৰ তথা সকলোৰে বাবে দোৱা প্ৰাৰ্থনা কৰে। এই বছৰ ডিব্ৰুগড়ৰ পৰা চৰকাৰী ভাৱে যোৱা মুঠ ৩৬ গৰাকী হজযাত্ৰীৰ ভিতৰত ২০ গৰাকী পুৰুষ আৰু ১৬ গৰাকী মহিলা। তেওঁলোকে গুৱাহাটীৰ পৰা অহা ২৫ মে’ত পোনে পোনে বিমান যোগে মদিনালৈ যাব আৰু তাৰ পিছত মক্কালৈ যাব আৰু যাৱতীয় ধৰ্মীয় কাম কাজ সমাপন কৰাৰ পাছত অহা ৮ জুলাইত নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিব অৰ্থাৎ প্ৰায় চল্লিছ দিন মক্কা মদিনাত থাকি সন্মানীয় হাজী উপাধিৰে বিভূষিত হৈ আহিব। ইয়াৰোপৰি এই বছৰ ব্যক্তিগত ভাৱেও প্ৰায় ৫০ গৰাকী পুৰুষ মহিলাই উমৰাহ হজ কৰি ইতিমধ্যে নিজ নিজ গৃহলৈ ঘূৰি আহিছে। ডিব্ৰুগড়ৰ পৰা হজ কৰিবলৈ যোৱা হজযাত্ৰী সকলক ইতিমধ্যে অভিজ্ঞ প্রশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও ছিটা আদি দিয়া হয়। এই বছৰ অসমৰ পৰা মুঠ চাৰি হাজাৰ হজযাত্ৰী মক্কা মদিনালৈ পোনে পোনেই যাব বুলি অসম হজ কমিটিৰ অধ্যক্ষ আলহজ নেকিবুজ জামানে জানিবলৈ দিয়ে।