ডিব্ৰুগড়ৰ পাৰিজাত ডিজিটেল আলোচনী ’উৰুলি’ উন্মোচন ড০ মামণি বৰুৱাৰ
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত পুৰণি আমোলাপট্টি অঞ্চলৰ প্ৰগতিশীল মহিলাসকলে গঢ় দিয়া ’পাৰিজাত’ নামৰ মহিলাৰ সামাজিক- সাংস্কৃতিক সংগঠনটিয়ে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা ’উৰুলি’ নামৰ এখনি ডিজিটেল আলোচনীখনি আমোলাপট্টি নাট্য মন্দিৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়৷ আলোচনীখন উন্মোচন কৰে বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু ৰোগ বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপিকা ডা° মামণি বৰুৱাই৷ উন্মোচনী বক্তব্যত ডা° বৰুৱাই বিশেষকৈ স্থানীয় মহিলাসকলৰ সাহিত্য প্ৰতিভা আৰু অনুভৱ-অভিজ্ঞতা প্ৰকাশৰ বাবে ’উৰুলি’ৰ জৰিয়তে দিয়া সুযোগৰ বাবে ’পাৰিজাত’ৰ শলাগ লয়৷ এই অনুষ্ঠানতে ’পাৰিজাত’ৰ সদস্যা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা অঞ্জু দুৱৰাৰ ‘সপোনৰ দেশ জাপান’ শীৰ্ষক এটি ভ্ৰমণ কাহিনীৰো শ্ৰব্য উপস্থাপন ইউ টিউবৰ জৰিয়তে প্ৰচাৰ কৰা হয়৷ এই শ্ৰব্য ভ্ৰমণ কাহিনীটো উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী, লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পৰমানন্দ মহন্তই৷ অনুষ্ঠানত দুয়োগৰাকী উন্মোচকৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লেখক ড° গোপাল চন্দ্ৰ হাজৰিকা আৰু অঞ্চলটোৰ বয়োজ্যেষ্ঠা মহিলা দীপা দুৱৰাক ’পাৰিজাত’ৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়া তথা জনপ্ৰিয় ঘোষিকা পৰশা কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বিনোদ বড়া, ড° জিতুৰঞ্জন চেতিয়া, দীপক বড়া, বিনুমা দাস, পৱন দত্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়৷ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। ‘পাৰিজাত’ৰ সদস্যাসকলে পৰিবেশন কৰে এটি দেশপ্ৰেমমূলক জ্যোতি সংগীত। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ‘পাৰিজাত’ৰ সদস্যা গায়ত্ৰী দুৱৰাই৷