ডিব্ৰুগড়ৰ নৱ নিযুক্ত জিলা আয়ুক্তক শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ আদৰণি

ডিব্ৰুগড়ৰ নৱ নিযুক্ত জিলা আয়ুক্তক শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ আদৰণি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ নৱ-নিযুক্ত জিলা আয়ুক্ত বিক্ৰম কৈৰীক আজি (৮/৮/২৩) তাৰিখে তেখেতৰ কাৰ্যালয়ত “শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতি” আৰু “শ্বহীদ স্মৃতিৰক্ষা সমিতি”ৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বিশ্বনাথ গাৰোডীয়া, সম্পাদক অনিল প্ৰসাদ সিংহ , শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতিৰহৈ উপ-সভাপতিদ্বয় চেৱন প্ৰসাদ শৰ্মা, মদন চন্দ্ৰ কোঁৱৰ, কোষাধ্যক্ষ -নিমন কান্তি শীল, সদস্য- মানিক বৈশ্য আৰু ৰক্তিম গগৈ উপস্থিত থাকে। ডিব্ৰুগড়ৰ নৱ-নিযুক্ত জিলা আয়ুক্ত বিক্ৰম কৈৰী দেৱক প্ৰতি গৰাকী বিষয়ববীয়াই একোখনকৈ ফুলাম গামোচা আৰু গ্ৰন্থ উপহাৰ আগবঢ়ায়। নৱ-নিযুক্ত জিলা আয়ুক্ত গৰাকীয়ে প্ৰতিনিধি সকলৰ আদৰণিৰ এই সৌহাদ্যপূৰ্ণ সাক্ষাৎক সন্তোষ প্ৰকাশ কৰে।