ডিব্ৰুগড়ৰ নগাঘুলিত দুৰ্ভগীয়া পৰিয়ালৰ কাষত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা: দুই লাখ টকা সাহাৰ্য প্ৰদান 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ  নগাঘুলিত শনিবাৰে জিঅ’ বেগৰ কাম কৰি থকা অৱস্থাত ৰহমৰীয়াৰ বুঢ়াপাৰৰ যুৱক বুবু ওৰফে ৰাজীৱ বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰি থকা সময়তে ২৩ মাৰ্চত দুৰ্ভগীয়া পৰিয়ালটোৰ  বাসগৃহত জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই উপস্থিত হয় । প্ৰয়াত ৰাজীৱ বৰুৱাৰ পত্নীয়ে কণমানি কণ্যাক পঢ়া-শুনা কৰিবলৈ এটি চৰকাৰী সংস্থাপনৰ দিবলৈ কান্দি কান্দি মন্ত্ৰী পিয়ুষ হাজৰিকাক অনুৰোধ জনায় । মন্ত্ৰীগৰাকীয়ে এই বিষয়ত বিবেচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে ।  ৰাজীৱ বৰুৱা উৰফে বুবুৰ অকাল মৃত্যুত মন্ত্ৰী পিয়ুষ হাজৰিকাই গভীৰ দুখ প্ৰকাশ কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে । আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ বৰুৱাৰ মৃত্যু খবৰ পোৱা লগে লগে দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা চাবুৱা  ৰাজহ চক্ৰ বিষয়া যোগেদি ২ লাখ টকা এককালীন সাহাৰ্য প্ৰদান কৰে। মন্ত্ৰী গৰাকীক বিজেপি দলৰ কৰ্মকৰ্তা সকলে সংগ প্ৰদান কৰে।
					
