ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাত মেহফিল-এ-দোৱাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা
এম হাছিম আলী , ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৩ আগষ্টত ডিব্ৰুগড়ৰ ঐতিহ্যমন্ডিত দাৰুল উলুম চাউলখোৱা মাদ্ৰাছা প্ৰাঙ্গণত মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি আলহজ চেলিম উদ্দিন আহমেদৰ সভাপতিত্বত বিশ্ব শান্তিৰ উদ্দেশ্যে তথা মাদ্ৰাছাৰ সৰ্বাংগীন উন্নতিকল্পে “মেহ্ফিল-এ-দোৱা”ৰ আয়োজন কৰা হয়। পুৱা ১০-০০ বজাত পৱিত্ৰ কালাম পাক তিলাৱতৰে সভাৰ কাৰ্য্যসূচী আৰম্ভ কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক আলহজ নেকিবুদ্দিন আহমেদে। মাদ্ৰাছাৰ ছাত্ৰসকলৰ দ্বাৰা কেৰাত, নাত-এ-ৰচুল ,গজল আদি পৰিবেশন কৰে।অনুষ্ঠানত ডিব্ৰুগড় জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সভাপতি আলহাজ ডাঃ চাজিদ আহমেদ, সাধাৰণ সম্পাদক নাচিৰ চুলতান প্ৰমুখ্যে জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, আলহাজ মুহিবুল আহমেদ,ড০ ৰাইহানৰ লগতে দুলিয়াজান, তিনিচুকীয়াৰ শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ইমৰান ছিদ্দিকিয়ে ইংৰাজী ভাষাত বক্তৃতা প্ৰদান কৰি সকলোকে আপ্লুত কৰে। এই অনুষ্ঠানত মাদ্ৰাছাৰ ছাত্ৰসকলক অসমীয়া, ইংৰাজী,গণিত, সাধাৰণ বিজ্ঞান, উৰ্দু, আৰৱী শিক্ষাৰ সমান্তৰাল ভাৱে কম্পিউটাৰ শিক্ষা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি মাদ্ৰাছাখনিত এটি কম্পিউটাৰ শাখাৰ শুভ উদ্বোধন কৰে জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সভাপতি আলহাজ ডাঃ চাজিদ আহমেদে। ডাঃ চাজিদ আহমেদ, নাচিৰ চুলতানে মাদ্ৰাছাৰ ছাত্ৰসকলক কাৰিকৰী ও আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানতে ডাঃ চাজিদ আহমেদে জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ তৰফৰ পৰা ছাত্ৰসকলৰ বাবে তিনিটা কম্পিউটাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সমাজ সেৱক ইমৰান আখতাৰ আনছাৰীয়েও মাদ্ৰাছাখনিলৈ এটা কম্পিউটাৰ আগবঢ়োৱা কথা ঘোষণা কৰে। আমন্ত্ৰিত অতিথি জামিয়া ইছলামীয়া জালালিয়া হোজাই মাদ্ৰাছাৰ মোহাদ্দিচ হজৰত মৌলানা আক্বিলুৰ ৰহমানে ভাষণ প্ৰদান কৰি কয় যে মাদ্ৰাছাসমূহ কেৱলমাত্ৰ ৰাইজৰ দান-বৰঙনিৰ দ্বাৰা পৰিচালিত হোৱাৰ হেতুকে শিক্ষাবৰ্ষৰ শেষৰফালে কিছু আৰ্থিক অভাৱ -অনাটনে দেখা দিয়ে আৰু তাৰ বাবে তেখেতে হাত উজাৰি দান – বৰঙণি আগবঢ়াবলৈ ৰাইজক অনুৰোধ কৰে আৰু শেষত বিশ্ব শান্তিৰ বাবে দোৱা-প্ৰাৰ্থনা কৰে।