ডিব্ৰুগড়ৰ ডিগবৈ অইলৰ অৱসৰী কৰ্মচাৰী ৰিয়াজুল ইছলাম বড়াৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কনভয় ৰোড, নিবাসী আকাশবাণী কেন্দ্ৰৰ সমীপত থকা ৰিয়াজুল ইছলাম বড়া (ৰ’ব)ৰ সোমবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ ৭৪ বছৰ বয়সত মৃত্যু হয়। ১৯৫১ চনত জন্মগ্ৰহণ কৰা বড়াই ডিগবৈ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ডিগবৈ অইল ইণ্ডিয়া লিমিটেডত চাকৰি সূত্ৰে যোগদান কৰি ২০১২ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি ৰূপে পৰিচিত বড়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতে পত্নীৰ উপৰিও এগৰাকী কন্যাৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। তেওঁৰ জানাজা স্থানীয় আমোলাপট্টি কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।