ডিব্ৰুগড়ৰ ডনব’স্ক স্কুলত মনোজ্ঞ ৰঙালী বিহু উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- হেঁপাহৰ ৰঙালী বিহুটি পদুলিমুখত থকা অৱস্থাত সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়তোএতিয়া উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।সকলোৰে মাজত বিহুৰ ব্যাপক উচাহ উদ্দীপনা চলি থকা মাজতে ডিব্ৰুগড় জিলা সদৰত থকা ডনব’স্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিহু উপলক্ষে এক ব্যতিক্ৰমধৰ্মী বিহু অনুষ্ঠান অনুস্থিত হয়। ডিব্ৰুগড়ৰ ডনবস্ক হায়াৰ ছেকেণ্ডাৰী স্কুলত ১২ এপ্ৰিলত অনুষ্ঠিত হয় মনোজ্ঞ বিহু অনুষ্ঠান । ছাত্ৰ – ছাত্ৰীসকলে মুকলি বিহু, ঢোলবাদ্য পৰিৱেশন কৰি উপস্থিত দৰ্শক,অভিভাৱক তথা আমন্ত্ৰিত ব্যক্তিসকলক আল্পুত কৰি তোলে। বিহু উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সমাজসেৱক অনন্ত শইকীয়া, অৱসৰপ্ৰাপ্ত অভিযন্তা ৰঞ্জন দত্ত, ডনব’স্ক বিদ্যালয়ৰ অধ্যক্ষ নেলজান এন্টনী আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা বিহু,ঢোল বাদন উপভোগ কৰা লগতে ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰস্তুত কৰা পিঠা- পনাও আপায়ন কৰা দেখা যায়।