ডিব্ৰুগড়ৰ জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ চলিত মাহৰ বৈঠক সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত ডিব্ৰুগড় জিলা উন্নয়ন সমিতিৰ অক্টোবৰ মাহৰ বৈঠক আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ লগতে অন্যান্য বিভাগীয় কামকাজৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাবে পৰ্যালোচনা কৰে। কৃষি বিভাগৰ অধীনত ৰূপায়ন হৈ থকা কেইবাটাও ধ্বজাবাহী আচঁনি যেনে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(পি এম কিষাণ), প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আচঁনি, কিষাণ ক্ৰেডিট কাৰ্ড, ডিব্ৰুগড় জিলাত চৰকাৰে নিৰ্ধাৰণ কৰা নুন্যতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে বুজ লয়। হস্ততাঁত- বস্ত্ৰশিল্প বিভাগৰ অধীনত স্ব-নিৰ্ভৰ নাৰী পৰ্টেলত শিপিনীৰ নাম পঞ্জীয়ন, সমৰ্থ আচঁনিৰ অধীনত আয়োজিত বিভিন্ন প্ৰশিক্ষণ কাৰ্য্যসূচী সন্দৰ্ভত সবিশেষ বুজ লোৱাৰ লগতে ৰেচম বিভাগৰ অধীনত জিলাখনত এড়ী সূতা, মুগা সূতা আৰু পাট সূতাৰ উৎপাদন সন্দৰ্ভতো জিলা উন্নয়ন আয়ুক্তই বিতংভাৱে পৰ্য্যালোচনা কৰে। একেদৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আচঁনিৰ অগ্ৰগতি সন্দৰ্ভতো বিতংভাবে আলোচনা কৰা হয়। ইয়াৰোপৰি বৈঠকত পঞ্চায়ত ও গ্ৰামোন্নয়ন, শিক্ষা, জলসিঞ্চন, বিদ্যুৎ, উদ্যোগ-বাণিজ্য, স্বাস্থ্য, জলসম্পদ, জনস্বাস্থ্য- কাৰীকৰি, লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), পশুপালন ও পশু চিকিৎসা, মীন আদি বিভিন্ন উন্নয়নী বিভাগৰ কামকাজ আৰু বিভাগীয় আচঁনিৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্য্যালোচনা কৰে।