ডিব্ৰুগড়ৰ জামিৰাত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

ডিব্ৰুগড়ৰ জামিৰাত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘নব্য জাগৰণ সৃষ্টিশীল সংস্থা’ চমুকৈ ‘নেক’ৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু জামিৰা ৰৌমাৰী দিহিঙ্গীয়া গাঁৱৰ যুৱ সমাজৰ সহযোগত ২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰীক সন্মান জনোৱাৰ উদ্দেশ্যে অভিনন্দন শীৰ্ষক এক অনুষ্ঠান আজি (৩-৮-২৫) স্থানীয় ড্ৰীম ফ্লাৱাৰ স্কুল প্ৰাঙ্গণত অনুষ্ঠিত হয়। ‘নেক’ৰ সভাপতি ডা° অৰুণ কুমাৰ দিহিঙীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত খোৱাং মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপিকা অপ্সৰা গগৈ বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক মননশীক বক্তব্য আগবঢ়ায় । বিশিষ্ট ব্যক্তিৰ ভাষণত সাংবাদিক প্ৰশান্ত শইকীয়াই ছাত্ৰ-ছাত্ৰী সকলক সুশিক্ষাৰে শিক্ষিত হৈ ভৱিষ্যতে সমাজৰ অতন্দ্ৰ প্ৰহৰীৰূপে কাম কৰি যাবলৈ আহ্বান জনায় । ‘নেক’ৰ সম্পাদক প্ৰশান্ত শইকীয়াই আঁত ধৰা সভাত ‘নেক’ৰ ভালেকেইগৰাকী বিষয়বৱীয়া তথা শুভাকাংক্ষী ৰাইজৰ লগতে জামিৰা লুইতপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি বলোৰাম গগৈ, সম্পাদক, প্ৰদীপ গগৈ, উপ-সভাপতি- বিজয় কুমাৰ দাস, পত্ৰিকা সম্পাদক বলেন বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক খনিন কোঁৱৰৰ উপস্থিতিত ২০২৫ বৰ্ষত সুখ্যাতিৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ মুঠ ১৮ গৰাকী শিক্ষাৰ্থীক ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয় । একে অনুষ্ঠানতে সম্বৰ্ধিত ছাত্ৰী জিমি জিজ্ঞাসা বৰুৱা, তনভী তনয়া বৰুৱাৰ লগতে ‘নেক’ৰ উপদেষ্টা প্ৰদীপ গগৈয়ে গীত পৰিৱেশন কৰি উপস্থিত সকলক আপ্লুত কৰে ।