ডিব্ৰুগড়ৰ জন সাংস্কৃতিক সমাজৰ উদ্যোগত অঞ্জু বৰকটকী স্মাৰক বক্তৃতানুষ্ঠান ৮ ফেব্ৰুৱাৰীত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম জন সাংস্কৃতিক সমাজৰ উদ্যোগৰ আৰু পৰিয়ালৰ সহযোগত নাৰী আন্দোলন আৰু প্ৰগতিশীল সাংস্কৃতিক আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা সংগঠনটোৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰয়াত অঞ্জু বৰকটকীৰ স্মৃতিত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান অহা ৮ ফেব্ৰুৱাৰী দেওবাৰে দিনৰ ৩-০০ বজাত ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত কৰা হ’ব। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উপলক্ষ্যত এই অনুষ্ঠানত “ভূপেন হাজৰিকা গীত-জাতিৰ প্ৰতি সঁকীয়নি”-শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট সাংস্কৃতিক কৰ্ম্মী তথা ‘ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেচন’ৰ সচিব ৰঞ্জন দত্তই। অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাৰ হৈ সভাপতি চেহিৰ আহমেদ আৰু সম্পাদক লক্ষ্যধৰ কলিতাই।
