ডিব্ৰুগড়ৰ চাহ বাগিচা অঞ্চলত শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ  সক্ষমতা বিকাশ কৰ্মশালা সম্পন্ন

ডিব্ৰুগড়ৰ চাহ বাগিচা অঞ্চলত শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ  সক্ষমতা বিকাশ কৰ্মশালা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ চাহ বাগিচা অঞ্চল সমূহত  শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ ছ’চিয়েল ৰিছাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছ (BFFSR&LP)-ৰ উদ্যোগত, চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবে যোৱা ২২মে’ৰ পৰা ২৪ মে’লৈ তিনিদিনীয়াকৈ সক্ষমতা বিকাশ প্ৰশিক্ষণ কৰ্মশালা সফলতাৰে অনুষ্ঠিত হৈ যায়। সামূহিক অনাতাঁৰ কেন্দ্ৰ ব্ৰহ্মপুত্ৰ ৰেডিঅ’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কৰ্মশালা  উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা,  অসম মেডিকেল মহাবিদ্যালয়  হাস্পতালৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই উপস্থিত থাকি কৰ্মশালাখনি উদ্বোধন কৰে। দুয়োগৰাকী ব্যক্তিয়ে প্ৰাথমিক পৰ্যায়ৰ গুণগত শিক্ষাৰ প্ৰয়োজনীয়তাৰ লগতে অংশগ্ৰহণকাৰী শিক্ষক-শিক্ষয়ত্ৰী সকলক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত শিকনি ঘাটি সমাধানৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি ভাষণ প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ, শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ডাঃ প্ৰাঞ্জল বুঢ়াগোহাঁইৰদ্বাৰা  শিকন ঘাটি মূল্যায়নৰ ফলাফলৰ ওপৰত এক পৰ্যালোচনা আগবঢ়োৱাৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে স্থানীয়ভাৱে কৰিব পৰা সমাধানসমূহৰ ওপৰত বাখ্যা আগবঢ়ায়।এই কৰ্মশালাত বিভিন্ন চৰকাৰী বিদ্যালয়ৰ পৰা সমল ব্যক্তি হিচাপে  যুগল কোঁৱৰ,  নীলাভনয়ন বৰদলৈ,ৰিন্টু চেতিয়া,  ললিন টায়ে,  মাধুৰ্য চেতিয়া, আৰু  ডিম্বেধৰ চেতিয়াই প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত ভাষা আৰু গণিতৰ বিকাশৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰে। তিনিদিনীয়া এই  কৰ্মশালাত ডিব্ৰুগড় জিলা  লাহোৱাল আৰু বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৯ খন চাহ বাগিচা অঞ্চলৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ ১৯ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাৰ জৰিয়তে চাহ-বাগিচা অঞ্চলৰ প্ৰাথমিক স্ত’ৰৰ শিক্ষাৰ মানদণ্ড উন্নত কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাষা আৰু গণিতৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ চিনাক্ত কৰি তাৰ সমাধান সূত্ৰ নিৰ্ধাৰণ কৰি ইয়াক কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।