ডিব্ৰুগড়ৰ চাউলখোৱাত ৫৩ গৰাকী ছাত্ৰ ছাত্ৰীক গোল্ডেন ষ্টাৰ ক্লাৱৰ সম্বৰ্দ্ধনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ চাউলখোৱা ঘৰবন্দীচুকৰ গোল্ডেন ষ্টাৰ ক্লাবৰ উদ্যোগত আজি (১৭-৫-২৫) তাৰিখে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চাউল খোৱা, ঘৰবন্দীচুক ,গ্ৰান্ট গাওঁকে আদি কৰি অঞ্চলটোৰ ৫৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়। উপস্থিত ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা, স্মাৰক আৰু একোখনকৈ প্ৰমাণ পত্ৰ দিয়া হয়। সম্বৰ্ধনা অনুষ্ঠানত গোল্ডেন ষ্টাৰ ক্লাবৰ সভাপতি ছলমান আলি, গাওঁ প্ৰধান ৰুবুল আলি, প্ৰাক্তন শিক্ষক হেমেন্দ্ৰ গগৈ, গাভৰু পথাৰ আৰক্ষী তত্বাৱধায়ক বুবুল ৰাজবংশী, ৱাৰ্ড সদস্যা মহিমা বেগম,ৰিয়াধ আহমেদ, মতিউৰ ৰহমান, আব্দুল ছহিদ, ৱাচিব আহমেদ ,ৰেজিব আলি, মুজিবুৰ ৰহমান,চেলিম আহমেদ, নাৱাজ আলি, আব্দুল হক,মুহিবুৰ হুছেইন ভাইটি,ৰচিদ আহমেদ, চুনাৰাই ঘাটোৱাৰ, ইৰছাদ আনচাৰি, লিয়াকত আলি , ডেনিয়েল আলি, তহিৰ উদ্দিন আহমেদ আদিকে ধৰি অনেক গণ্য মান্য লোক উপস্থিত থাকে।
