ডিব্ৰুগড়ৰ চাউলখোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫০ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা চাউলখোৱা গ’ল্ডেন ষ্টাৰ ক্লাবৰ

ডিব্ৰুগড়ৰ চাউলখোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫০ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা চাউলখোৱা গ’ল্ডেন ষ্টাৰ ক্লাবৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৮-০৫-২০২৪ তাৰিখে ডিব্ৰুগড়ৰ চাউলখোৱাৰ গল্ডেন ষ্টাৰ ক্লাব ঘৰবন্দীচুকৰ উদ্যোগত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ৫০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় l ডিব্ৰুগড় চহৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰা ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে জাপি আৰু মানপত্ৰ প্ৰদান কৰা হয় l অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকে গাওঁপ্ৰধান ৰুবুল আলি, মৰিয়া জনগোষ্ঠীৰ- আৰিফ উদ্দিন আহমেদ, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমুল হুছেইন, চাউলখোৱা স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ গগৈ, সংখ্যালঘুৰ সভাপতি ৰছিদ আহমেদ l সভাত সভাপতিত্ব কৰে, ক্লাবৰ সভাপতি চলমান আলি । উদ্দেশ্য ব্যাখ্যা কৰে উপদেষ্টা ৰিয়াজ উদ্দিন আহমেদে আৰু সহযোগ কৰে মৌলানা মুহিবুল হুছেইন আৰু ক্লাবৰ উপদেষ্টা মতিউৰ ৰহমান, উপসভাপতি মুজিবুৰ ৰহমান , মকবুল আলি,আব্দুল চাজিদ, কাৰ্যকৰী সভাপতি আব্দুল ছহিদ,যুটীয়া সম্পাদক ৱাছিফ মৰতুজা, ৰেজিবুৰ ৰহমান, সহকাৰী সম্পাদক , আতাউল খানকে ধৰি সকলো সদস্যসকল।