ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে বি বি চিৰ প্ৰাক্তন সাংবাদিক সুবীৰ ভৌমিকৰে অন্তৰংগ আলাপ
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰ-ছাত্ৰী, ৰুক্মিণী দেৱী কানৈ ছাত্ৰীনিৱাসৰ আৱাসীসকলৰ উদ্যোগত ১১ আগষ্টত ভাৰতবৰ্ষৰ এগৰাকী জনপ্ৰিয়আৰু জ্যেষ্ঠ সাংবাদিক তথা বি বি চিৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন সাংবাদিক সুবীৰ ভৌমিকৰ স’তে এক অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়।মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত সভাখনত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া আৰু ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মানসজ্যোতি দত্ত। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে পৰিৱৰ্তিত সংবাদ মাধ্যমৰপ্ৰকৃতি আৰু বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ পৰম্পৰাগত ছপা মাধ্যমসমূহৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্যৰ অৱতাৰণা কৰে। লগতে সহজতে ছ’চিয়েল মিডিয়াত উপলব্ধ ভুৱা আৰু বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰৰ বিষয়েও এলানিগভীৰ বক্তব্য দাঙি ধৰে। বিশ্বাসযোগ্য সাংবাদিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰম্পৰাগত আৰু ছপা মাধ্যমৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলৈ আহ্বান জনায় আৰু যি বাতৰি নৈতিকতা ৰক্ষা কৰি প্ৰচাৰ কৰা হয়, তেনে বাতৰিত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। আলোচনাত অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা, অসমীয়া ভাষাৰ গুৰুত্বৰ লগতে বিশ্বত সংঘটিত হৈ থকা বহু গুৰুত্বপূৰ্ণ বিষয়ৰো আলোচনা কৰা হয়। অন্তৰঙ্গ আলাপৰ সামৰণি পৰে ছাত্ৰ-ছাত্ৰীৰ প্রশ্নোত্তৰশিতানৰ জৰিয়তে, য’ত ছাত্ৰ-ছাত্ৰীসকলে ভুল তথ্যৰ বিৰুদ্ধে ল’বলগীয়া সাৱধানতা আৰু জনসাধাৰণৰ আস্থা বজাই ৰখাত সাংবাদিকসকলৰ ভূমিকা সম্পর্কে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰা বিতংকৈ জানিব পাৰে। সাংবাদিকগৰাকীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সহজ-সৰলভাৱে বুজাই দিয়ে। মহাবিদ্যালয়ৰ ছাত্ৰী ভাৰ্চী গগৈয়ে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষ ড°শইকীয়াই দেশৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ স’তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা সান্নিধ্য তেওঁলোকৰ ভৱিষ্যত জীৱন স্মৃতিৰে ভৰি থাকিব বুলি উল্লেখ কৰে। সভাত ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি মানসজ্যোতি দত্তইও ছাত্র-ছাত্রীসকলক এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ অধ্যাপিকা প্ৰেৰণা বৰুৱা আৰু লুণাৰাণী গগৈও উপস্থিত থাকে।