ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত মন্ত্রী প্রশান্ত ফুকনক ‘হনুমানবক্স কানৈ সোঁৱৰণী বঁটা’ প্ৰদান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ‘অসম বিভিন্ন সংস্কৃতিৰ ৰম্যভূমি আৰু ইয়াৰ জ্ঞানৰ ঐতিহ্য অতি প্রাচীন’-ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে কানৈ মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্রতিষ্ঠাতা, দানবীৰ, ৰায়চাহাব,পদ্মশ্রী হনুমানবক্স কানৈৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধ্যক্ষ (শৈক্ষিক) ড° অলক কুমাৰ বুঢ়াগোহাঁয়ে এইদৰে কয়। ‘অসমৰ উচ্চ শিক্ষাঃ অতীত, বৰ্তমান আৰু ভৱিষ্যত’- শীর্ষক বিষয়ত বক্তৃতা প্রদান কৰি ড° বুঢ়াগোহাঁয়ে কয় -যে আহোম শাসন কালৰ শিক্ষা ব্যৱস্থা জীৱিকা অৰ্জনৰ বাবে প্ৰদান কৰা হোৱা নাছিল, জ্ঞান, কৌশল আহৰণৰ বাবেহে প্ৰদান কৰা হৈছিল। অধ্যাপিকা ড° ভূষ্ণা দুৱৰা কলিতাই আঁতধৰা অনুষ্ঠানটিত তেওঁ কয় — মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ত টোলৰ শিক্ষা পদ্ধতি অধ্যাত্মিক জ্ঞানেৰে সমৃদ্ধ আছিল আৰু বৃটিছশাসন কালত বৃটিছ চৰকাৰ আৰু আনন্দ ৰাম ঢেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো মুষ্টিমেয় অসমীয়াৰ প্ৰচেষ্টাত অসমত উচ্চ শিক্ষাই অগ্রগতি লাভ কৰিছিল। মুখ্য দ্বাৰৰ পৰা আৰতি কৰি গায়ন-বায়ন, এন চিচিৰে উষ্ম আদৰণী জনাই সভাগৃহলৈ অনা সভাখনিত তেওঁ কয়— ডিব্ৰুগড়ত উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দানবীৰ, পদ্মশ্রী হনুমানবক্স কানৈৰ বহুমূলীয়া অৱদান আছিল। তেওঁ কয়— ভৱিষ্যতৰ শিক্ষাই উদ্যোগীক বিপ্লৱ সৃষ্টিত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব। সম্প্ৰতি স্বায়ত্ব শাসন লাভ কৰা কানৈ মহাবিদ্যালয়ক অভিনন্দন জ্ঞাপন কৰি এই মহাবিদ্যালয়ে ভবিষ্যতে উদ্যোগীক কেন্দ্র (IndustrialHub) গঠন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়ায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত পোন প্ৰথমবাৰৰ বাবে ‘হনুমানবক্স কানৈ সোঁৱৰণী বঁটা’ প্ৰদান কৰা হয় শক্তি, দক্ষতা, নিয়োগ, উদ্যমিতা দপ্তৰৰ কেবিনেট মন্ত্রী প্রশান্তফুকনক । বঁটা গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে হনুমানবক্স কানৈয়ে সমাজলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ ওপৰত আলোকপাত কৰি তেওঁক এই বঁটা প্ৰদান কৰাৰ বাবে অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ লগতে কানৈ পৰিয়ালৰ সমূহ সদস্য আৰু কানৈ মহাবিদ্যালয় পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ দিল্লী, মুম্বাই, কলকতা, ডিব্ৰুগড়, তিনিচুকীয়াত থকা হনুমানবক্স কানৈ পৰিয়ালৰ সদস্যবৃন্দ ক্ৰমে জ্যোতি প্ৰসাদ কানৈ, নন্দ কিশোৰ কানৈ, ৰাজীৱ ৰতন কানৈ, নীৰু কানৈ, দীনেশ কানৈ, বেনুকানৈ, প্রতিভা কানৈ, বিকাশ কানৈ, সুনীত কানৈ, স্মৃতি কানৈ আৰু প্ৰণৱ কানৈক একোখনকৈ ফুলাম গামোছাৰে কৃতজ্ঞতা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৮০ বছৰ অতিক্ৰম কৰা ডি এইচ এছ কানৈ মহাবিদ্যালয়ত এনে এক গাম্ভীর্যপূর্ণ সভাত স্বপ্নদ্রষ্টা হনুমানবক্স কানৈক স্মৰণ কৰাৰ পৱিত্ৰ ক্ষণত ঐতিহাসিক মুহুৰ্ত্তৰ সাক্ষী হ’বলৈ পাই হনুমানবক্স কানৈৰ পৰিয়ালৰ সদস্যসকল অশ্রুসিক্ত নয়নেৰে আৱেগিকহৈ পৰে। কানৈ পৰিয়ালৰ তৰফৰ পৰা জ্যোতি প্ৰসাদ কানৈয়ে বক্তব্য আগবঢ়াই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানৰ পূৰ্বে মহাবিদ্যালয় চৌহদত নতুনকৈ প্ৰতিষ্ঠা কৰা কানৈ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ অন্যতম এক কাণ্ডাৰী সুৰজমল কানৈৰ প্ৰতিমূৰ্তিত শুভ উন্মোচন কৰে মন্ত্রী প্রশান্ত ফুকনে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শইকীয়াৰ উদ্যোগত, জ্যোতি প্ৰসাদ কানৈৰ আৰ্থিক সাহাৰ্যত আৰু সুমন দত্তৰ কলমত প্ৰকাশ পোৱা গৱেষণালব্ধ ৰায়চাহাব কানৈ : দীনৰ পৰাদানী হোৱা অবিস্মৰণীয় ব্যক্তিত্ব’ শীর্ষক গ্রন্থখনি উন্মোচন কৰে মন্ত্রী প্রশান্ত ফুকনে ।মনকৰিবলগীয়া যে বিশিষ্ট লেখক, সাংবাদিক সুমন দত্তই কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ পৰামৰ্শ অনুসৰি গ্ৰন্থখন প্ৰকাশ কৰা সম্ভৱ হয় বুলি উল্লেখ কৰি কানৈ মহাবিদ্যালয়ৰ আটাইকেইখন মহাবিদ্যালয়ক একত্ৰিত কৰি বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে পদক্ষেপ ল’বলৈ সকলোকে আহ্বান জনায়। গৱেষণামূলক গ্রন্থখন আটকধুনীয়াকৈ লিখি উলিওৱাৰ বাবে লেখক সুমন দত্তক ত্রিশহাজাৰ টকাৰ এখন চেক অধ্যক্ষই প্ৰদান কৰে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সৈতে ডিব্ৰুগড়ৰ চাৰিখন মহাবিদ্যালয় ক্ৰমে ডি এইচ এছ কানৈ মহাদ্যিালয়, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়, ডি এইচ এছ কানৈ বাণিজ্য মহাবিদ্যালয়, ডি এইচ এছ কানৈ আইন মহাবিদ্যালয়ৰ লগত ছাত্ৰ-ছাত্ৰীৰ বার্ষিক জলপানি সম্পর্কত প্রতিখন মহাবিদ্যালয়ক দুই লাখ টকাকৈ এক বুজাবুজি চুক্তিত স্বাক্ষৰিত হয়। অনুষ্ঠানত ডি এইচ এছ কানৈ মহাবিদ্যালয় উন্নয়নৰ বাবে বাৰ লাখ পঞ্চাশ হাজাৰ টকাৰ আর্থিক সাহার্য আগবঢ়ায়। অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্র, ডি এইচ এছ কানৈ মহাবিদ্যালয় পৰিচালনা কৰা সমিতিৰ সভাপতি অভিমন্যু বৰুৱা, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপজ্যোতি ভৰালী, ডি এইচ এছ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈ, ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন চাংমাই, ডি এইচ এছ কানৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্রসেনজিৎ বৰকটকী, এন এল বি চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সঞ্জীৱানন্দ বুঢ়াগোহাঁই, অসম পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, মন্ত্রী প্রশান্ত ফুকনৰ সহধর্মিনী জ্যোতি ফুকন উপস্থিত থাকি অনুভৱ ব্যক্ত কৰে। শেষত শলাগ জ্ঞাপন কৰে মহাবিদ্যালয়ৰঅধ্যাপিকা সংক্রান্তি দেৱীয়ে।