ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ‘জেন জিৰ উদ্বিগ্নতা’ শীর্ষক মননশীল বক্তৃতানুষ্ঠান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- কাইলৈৰ চিন্তাত আজিৰ হাঁহিতো হেৰুৱা বুদ্ধিমানৰ কাম নহয়। নতুন প্রজন্মই এটা বুটাম টিপিয়েই আজি সমগ্র বিশ্বৰ খবৰ পায়। নতুন প্রজন্মই সমগ্র পৃথিবীখনক হাতৰ মুঠিত, জেপত লৈ ফুৰে। নতুন প্রজন্মই বুকুত ক’ব নোৱাৰাকৈ এক অবুজ বিষাদৰ বোজা লৈ ফুৰে। নতুন প্রজন্মই যেন এটা গ্লাছ হাউচৰ ভিতৰত বাস কৰে, যিসকলে কোনোবাই দেখিছে নেকি বুলি অনবৰত ভয় কৰি থাকে। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানে মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ আভ্যন্তৰীণ মান নির্ণায়ক কোষ, শিক্ষাতত্ত্ব বিভাগ, মনোবিজ্ঞান বিভাগ আৰু সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ উদ্যোগত আৰু লায়ন্স ক্লাব, ডিব্ৰুগড়ৰ সহযোগত অনুষ্ঠিত এক মননশীল বক্তৃতানুষ্ঠান উদ্বোধন কৰি অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আজি এইদৰে কয়। ‘জেন জিৰ উদ্বিগ্নতা’ শীর্ষক বক্তৃতানুষ্ঠানটিত অধ্যক্ষ গৰাকীয়ে কয়- পৰম্পৰাগত যোগাযোগ মাধ্যমৰ পৰা ডিজিটেল যোগাযোগ মাধ্যমলৈ হোৱা দ্রুত পৰিবৰ্তনে আজিৰ যুৱ প্ৰজন্মৰ জীবনত গভীৰ প্রভাৱ পেলাইছে। তৎক্ষণাত তথ্য লাভ আৰু আদান-প্রদান কৰাৰ সুবিধাই বহু ক্ষেত্ৰত উন্নতি সাধন কৰিছে যদিও ইয়াৰ ফলত সমবয়সীয়াৰ মাজত তুলনা, প্রতিযোগিতা আৰু এক অদৃশ্য মানসিক চাপৰ সৃষ্টি হৈছে। বিশেষকৈ ‘ফমো’ আৰু ‘জমো’ ধাৰণাই শিক্ষার্থী সকলৰ মানসিক জগতত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। অধ্যক্ষ গৰাকীয়ে কয়- বহু সময়ত আমি বাহ্যিকভাবে ‘মই ঠিক আছোঁ’ বুলি কওঁ, কিন্তু ‘ঠিক নোহোৱাটোও স্বাভাবিক’ বুলি মানি লোৱাটো প্রয়োজন বুলি উল্লেখ কৰি তেওঁ কয়- নিজৰ মানসিক অৱস্থাক স্বীকাৰ কৰি সহায় বিচৰাটো দুৰ্বলতা নহয়, বৰং সচেতনতা। নতুন প্ৰজন্মৰ ফেচবুকত পাঁচ হাজাৰ বন্ধু থাকিলেও এজন বন্ধু মনৰ কথা খুলি ক’বলৈ নাপায় বুলি উল্লেখ কৰি তেওঁ কয়-নতুন প্ৰজন্মৰ একাংশই সদায় নিসংগতাত ভোগে। মানসিক উৎকণ্ঠা, হতাশা-নিৰাশা আঁতৰাবলৈ দৈনিক ব্যায়াম কৰা, খেলা-ধূলা কৰা, গান শুনা, গান গোরা, বাদ্য বজোৱা, ফুলনি বাগিছাত কাম কৰা, ডায়েৰী লিখা, কিতাপ, কাকত,আলোচনী পঢ়া আৰু কিছু সময় নিসংগভাবে থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানত মূল বক্তা হিচাপে উপস্থিত থাকি অপেক্ষা হস্পিটালৰ মনোৰোগ বিশেষজ্ঞ ডাঃ পিংকি পোদ্দাবে বর্তমান নব প্রজন্মই সম্মুখীন হোৱা বিভিন্ন মানসিক সমস্যাৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰে। ডাঃ পোদ্দাৰে কয় যে অত্যাধিক স্ক্রিন টাইম, সামাজিক মাধ্যমৰ বেছি ব্যৱহাৰ, শিক্ষাগত আৰু ব্যক্তিগত জীবনৰ চাপ আৰু সমস্যাৰ সৈতে মোকাবিলা কৰিব পৰা পর্যাপ্ত মানসিক সমর্থন নাথকাৰ অনুভূতিয়ে উদ্বেগ বৃদ্ধি কৰিছে। এই উদ্বেগৰ ফলত কেতিয়াবা নিচাজাতীয় বস্তুৰ ব্যৱহাৰ বা সামাজিক মাধ্যমৰ প্ৰতি অতিমাত্রা আসক্তিৰ সৃষ্টি হয় বুলিও তেওঁ উল্লেখ কৰে। লগতে তেওঁ নিয়মিত ব্যায়াম, সময় ব্যবস্থাপনা, ইতিবাচক চিন্তা-চর্চা আৰু প্রয়োজনত পৰামৰ্শ গ্রহণ কৰাৰ দৰে ব্যৱস্থাৰ জৰিয়তে এই উদ্বেগসমূহ অতিক্রম কৰিব পাৰি বুলি পৰামৰ্শ দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা প্রশ্নোত্তৰ শিতানত সমল ব্যক্তিৰ লগত শিক্ষার্থীসকলে নিজৰ অভিজ্ঞতা আৰু উদ্বেগ প্রকাশ কৰে। অনুষ্ঠানত লায়ঞ্চ ক্লাব, ডিব্ৰুগড়ৰ সভাপতি ডা০ চামিউৰ ৰহমান, উপ-সভাপতি ড০ চুলতানা হাজৰিকা, কানৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ পার্থ গাংগুলী, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈকে ধৰি ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।
