ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ৭৮ সংখ্যক স্বাধীনতা দিৱসত
সাংবাদিক, শিল্পী, অধ্যাপক, কৰ্মচাৰী, পৰিৱেশ কৰ্মীক সম্বৰ্ধনা
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ এখন ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত সাংবাদিক, শিল্পী, অধ্যাপক, কৰ্মচাৰী আৰু পৰিৱেশ কৰ্মীক সম্বৰ্ধনাৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰা হয়। পুৱা ৫ বজাত চৌহদ নিকাকৰণেৰে আৰম্ভ হোৱা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পুৱা ৭ বজাত মহাবিদ্যালয়ৰ ডি চি ছাত্ৰাৱাস আৰু ছাত্ৰীনিবাসত পতাকা উত্তোলণ কৰে ক্ৰমে উপাধ্যক্ষ ড০ প্রিয়দেৱ গোস্বামী আৰু ছাত্ৰাৱাসৰ অধীক্ষক ড০ বিৰাজ দত্তই। অধ্যাপক ড০ বিৰাজ দত্তই আঁত ধৰা স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত পুৱা ৭.১০ বজাত প্রথম কাৰ্যসূচী হিচাপে কানৈ মহাবিদ্যালয়ৰ গ্ৰীণ ক্লাৱৰ সাত গৰাকী সক্ৰিয় সদস্যক সম্বৰ্ধনা জনোৱা হয়। পুৱা ৭.৩০ বজাত কানৈ মহাবিদ্যালয় প্রাঙ্গনত ৰাষ্ট্ৰীয় পতাক| উত্তোলণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। তেখেতক সংগ দিয়ে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ প্ৰিয়দেৱ গোস্বামীয়ে। সমান্তৰালভাৱে শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। পৰৱৰ্তী কাৰ্যসূচী হিচাপে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক শুভেচ্ছামূলক বক্তব্য প্রদান কৰাৰ লগতে কানৈ মহাবিদ্যালয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিভিন্ন সময়ত সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তিক কিদৰে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে সেই কথা অৱগত কৰি এই বৰ্ষতো তাৰ কোনো ব্যতিক্ৰম ঘটা নাই ড০ শইকীয়াই কয়। ইয়াৰ পাছতে পৰ্যায়ক্ৰমে কেবাগৰাকী সংবাদকর্মীক তেওঁলোকে সংবাদ জগতলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধন| জ্ঞাপন জনায়। জ্যেষ্ঠ এই সাংবাদিক সকল হ’ল পৰেশ আইন্ড, এম হাছিম আলী, হৰেণ সোনোৱাল, মুক্তামণি হাজৰিকা, হিৰণ্য কৌশিক, জ্যোতিষ পাতিৰ, প্ৰশান্ত শইকীয়া, দিবাকৰ দত্ত, হোমেন ফুকন, ইমৰাণ আলি,বাচ্ছু দেৱনাথ আৰু শ্বাহনাৱাজ আহমেদ। লগতে তিনিগৰাকী বিশিষ্ট শিল্পী, এগৰাকী পৰিৱেশ কৰ্মী আৰু কানৈ মহাবিদ্যালয়ৰ শিক্ষক সকলৰ মাজৰ পৰা ৬ গৰাকী জ্যেষ্ঠ অধ্যাপকক তেওঁলোকৰ কৰ্মৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কানৈ মহাবিদ্যালয়ৰ ছাত্ৰী জ্যোতিষা মহন্তই এই অনুষ্ঠানত এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতে পৰিৱেশটো মনোগ্ৰাহী কৰি তোলে। মহাবিদ্যালয়ৰ প্রাক্তন ছাত্ৰ তথা সম্বৰ্ধিত শিল্পী ভূৱন গগৈয়ে এটি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদকমী হিৰণ্য কৌশিক বড়া আৰু পৰিৱেশ কৰ্মী কিৰণ গগৈয়ে তেওঁলোকৰ অনুভৱ প্রকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগাই দেশৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় ৷ উল্লেখ্যযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি দেশৰ প্রতিখন উচ্চ শিক্ষা অনুষ্ঠানক আগষ্ট মাহৰ ১২ তাৰিখৰ পৰা ১৮ তাৰিখলৈকে সপ্তাহজোৰ৷ ‘এণ্টি ৰেগিং’ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ দিয়া নিৰ্দেশ অনুসৰি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাকক্ষ, ছাত্ৰাবাস আৰু ছাত্ৰী নিৱাসত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি শ্ন’গান লিখনি প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্রতিযোগিতাত অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰ পৰা চাৰিগৰাকী শ্ৰেষ্ঠ প্রতিযোগী ক্ৰমে প্রথম ষান্মাধিকৰ ছাত্ৰ বিৰাজ বল্লভ গগৈয়ে প্রথম স্থান, ষান্মাষিকৰ ছাত্র বিতুপন বৰগোহীঁয়ে দ্বিতীয় স্থান, ষান্মাষিকৰ ছাত্ৰী খষিতা ভদ্ৰাই তৃতীয় স্থান আৰু পঞ্চম যান্মাষিকৰ ছাত্ৰী সোনাক্ষী হাজৰিকাই চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক এই অনুষ্ঠানতে একোখনকৈ মানপত্ৰ আৰু কিতাপৰ টোপোলা আগবঢ়ায় মহাবিদ্যালয় অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, উপাধ্যক্ষ ড০ প্ৰিয়দেৱ গোস্বামী আৰু এণ্টি ৰেগিং চেলৰ অধ্যক্ষ ড০ মৰমী তালুকদাৰে ।অনুষ্ঠানৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই প্রতিকূল বতৰক নেওচি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে নিমন্ত্ৰিত অতিথি, সাংবাদিক,শিক্ষক, কৰ্মচাৰী আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক ড০ মৃদুল শৰ্মা, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ অনুপজ্যোতি ভৰালী, ছাত্ৰ-ছাত্ৰীৰে সম্পৰ্কৰক্ষী সমন্বয়ক ড০ জ্যোতি প্রসাদ ফুকনকে ধৰি ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰী আৰু শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।