ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপকৰ মিলন-সভা সম্পন্ন: সভাত ৯৫ বছৰীয়া অধ্যাপক উপস্থিত
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ‘অৱসৰপ্ৰাপ্ত শিক্ষক ফৰাম’ৰ উদ্যোগত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপকবৃন্দৰ এখন মিলন-সভা অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ ড০ ৰঘুনাথ বৰবৰাৰ সঞ্চালনাত সম্পন্ন হোৱা সভাখনত সমৱেত অৱসৰপ্ৰাপ্ত অধ্যাপকবৃন্দই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ লক্ষীপ্ৰসাদ দত্তৰ ব্যক্তিত্ব আৰু গুণাৱলী বিশেষভাৱে স্মৰণ কৰে৷ সভাখনত সমৱেত অৱসৰপ্ৰাপ্ত অধ্যাপকবৃন্দই তেওঁলোকৰ বিভিন্ন সমস্যা সন্দর্ভত অৱলোকন কৰাৰ লগতে তেওঁলোকৰ অধ্যাপনাৰ সময়ছোৱাৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰি দিনটোৰ কাৰ্যসূচীৰ সময়খিনি সজীৱ কৰি তোলে৷ সভাত মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকসকলৰ সভা-সমিতিৰ বাবে সুবিধা হোৱাকৈ এটি কোঠাৰ ব্যৱস্থা কৰি দিয়াৰ ঘোষণা কৰে৷ অধ্যক্ষগৰাকীয়ে তেওঁলোকৰ সৈতে সঘনাই মিলিত হোৱাৰ আশা প্ৰকাশ কৰাত সমৱেত প্ৰাক্তন অধ্যাপকবৃন্দ আপ্লুত হয়৷ অৱসৰপ্ৰাপ্ত অধ্যাপকসকলে মহাবিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ তথা বর্তমানৰ অধ্যক্ষগৰাকীক আশিস প্ৰদান কৰাৰ লগতে তেওঁৰ নেতৃত্বত মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে৷ লগতে, সংশ্লিষ্ট সকলোৱে তেওঁলোকে চৰকাৰৰ পৰা পাবলগীয়া বকেয়া ধনৰাশি পাবৰ বাবে যাৱতীয় কাম-কাজ কৰাৰ বাবেও নতুন অধ্যক্ষগৰাকীক আহ্বান জনায়৷ সভাখনত ৯৫ বছৰ গৰকা বেংকিং বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ইমৰান হুছেইন, হিচাপবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপকদ্বয় হৰিনাৰায়ণ যাদৱ আৰু গোপালকৃষ্ণ ঘোষ, পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপকদ্বয় সুবোধ চন্দ্ৰ পাল, পৰিসংখ্যা বিভাগৰে অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ দেৱীমল্লিকা ৰাজখোৱা, বাণিজ্য ব্যৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ৰমাকান্ত গগৈ, অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা কুঞ্জলতা হাতীবৰুৱা, ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা চন্দ্ৰলেখা কাকতি আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ ভূপেশ ভাগৱতীয়ে অংশগ্ৰহণ কৰে৷ মহাবিদ্যালয়ৰ মুখ্য সহায়িকা প্ৰেমা চুতীয়াই কেইবাটাও গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ নিতাইপুখুৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ সহযোগী অধ্যাপিকা ড০ গীতামণি সন্দিকৈয়েও অংশ গ্ৰহণ কৰা এই সভাত মহাবিদ্যালয়ৰ বর্তমানৰ অধ্যাপকদ্বয় ড০ লুকু মৰাং আৰু ড০ মিণ্টু কুমাৰ দাস, গ্ৰন্থাগাৰিকা সংগীতা শেনচোৱাৰ উপৰি কৰ্মাচাৰীসকলো উপস্থিত থাকে৷ মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে অৱসৰপ্ৰাপ্ত অধ্যাপকসকলৰ এই মিলন-সভাখনৰ আয়োজনত লোৱা উদ্যোগৰ বাবে সংশ্লিষ্ট সকলোৱে অধ্যক্ষগৰাকীৰ শলাগ লয়৷ সমৱেত সকলোৱে একেলগে প্ৰীতিৰ এসাঁজ গ্ৰহণ কৰি কাৰ্যক্ৰমণিকাৰ সামৰণি পেলায়৷
