ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত পদ্মশ্ৰী হনুমানবক্স কানৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন- উপাচাৰ্য ড° জিতেন হাজৰিকাৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত কানৈ মহাবিদ্যালয়সমূহৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী হনুমানবক্স কানৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচনৰ অনুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য কলেজত অনুষ্ঠিত হয়। এই প্ৰকল্পটো জ্যোতি ললিতা কানৈ ফাউণ্ডেচনৰ সভাপতি তথা কানৈ পৰিয়ালৰ সদস্য আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা মনোনীত পৰিচালনা সমিতিৰ সদস্য চি. এ. জ্যোতি প্ৰসাদ কানৈৰ তত্ত্বাৱধানত সম্পন্ন কৰা হয়। পদ্মশ্ৰী হনুমানবক্স সূৰুযমল কানৈৰ স্মৃতি সংৰক্ষণ আৰু তেওঁৰ অৱদানক সন্মান জনাবলৈ তেখেতৰ নাতি চন্দ্ৰ প্ৰকাশ কানৈ আৰু সন্তোষ কানৈয়ে কলকাতাস্থিত কানৈ হনুমানবক্স ৰাধেশ্যাম চেৰিটেবল ট্ৰাষ্টৰ জৰিয়তে উদাৰভাৱে সহযোগিতা আগবঢ়ায়। তদুপৰি, চন্দ্ৰ প্ৰকাশ কানৈয়ে তেওঁৰ ককাদেউতাৰ নামত টাটা ট্ৰাষ্টলৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ আৰ্থিক সহায় আগবঢ়াইছে। আবক্ষ প্ৰতিমূৰ্তিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই উন্মোচন কৰি ভাষণ প্ৰসংগত তেওঁ কয় যে হনুমানবক্স কানৈক কেৱল অসমে এগৰাকী ব্যৱসায়ী হিচাপে নহয়, তেওঁ শিক্ষা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেহে বেছি চিনাকি আছিল। এটা প্ৰতিমূৰ্ত্তি ৰখা হয় যে তেওঁৰ অৱদান খিনিৰ পৰা অনুপ্ৰাণিত হৈ যেন নব প্ৰজন্ম আগ বাঢ়ি যাব পাৰে। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি ড°ৰঘুনাথ বৰবৰা, ডি এইচ এছ কে কমাৰ্চ কলেজৰ অধ্যক্ষ ড° জয়দেৱ গগৈৰ লগতে শিক্ষক, বিষয়া-কৰ্মী, বিশিষ্ট অতিথি আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে অধ্যাপক ড° নৱজ্যোতি দত্তই আতঁধৰা এই অনুষ্ঠানতে পদ্মশ্ৰী হনুমানবক্স কানৈৰ জীৱন, দৃষ্টিভংগী আৰু শিক্ষা তথা সমাজৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট অৱদানক স্মৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত কৰে।
