ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব পৰ্য্যটন দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগ, অৰ্থনীতি বিভাগ, ইংৰাজী বিভাগ, অভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ আৰু প্ৰতিষ্ঠান উদ্ভাৱন কোষৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱস ‘২৫ উদযাপন কৰে য’ত দেশৰ অৰ্থনৈতিক উন্নয়নত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত আলোকপাত কৰে।অনুষ্ঠানৰ আঁত ধৰে ড° জেকব কোঁৱৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰি পৰ্যটনৰ বিভিন্ন দিশ সাঙুৰি বক্তব্য আগবঢ়ায়। তেওঁ কয় যে পৰ্যটন কেৱল বিনোদনৰ উপায় নহয়, ই অৰ্থনৈতিক উন্নয়নৰ এক শক্তিশালী মাধ্যম, যিয়ে সাংস্কৃতিক আদান-প্ৰদানৰ যোগান ধৰাত সহায় কৰে আৰু কয় যে পৰ্যটন খণ্ড বিশ্ব আৰু স্থানীয় অৰ্থনীতিৰ এক মুখ্য স্তম্ভ, যিয়ে নিৰ্মাণ কৰে কৰ্মসংস্থাপন আৰু সম্প্ৰদায়সমূহৰ মাজত বুজাবুজি। অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল সমল ব্যক্তি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° বিপাশা চেতিয়া। তেওঁ পৰ্যটন উদ্যোগৰ বহুমুখী দিশসমূহৰ ওপৰত এক গভীৰ আৰু বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে। ড° চেতিয়ই পৰ্যটনৰ উদীয়মান ধাৰণাসমূহত বিশেষ গুৰুত্ব দি কয় যে পৰ্যটনক সঁচাকৈয়ে লাভজনক কৰি তোলাৰ বাবে থলুৱা সংস্কৃতিৰ সন্মান কৰা, প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজন আৰু উল্লেখ কৰে যে এইধৰণৰ পৰ্যটনৰ ব্যৱস্থা সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ সহায়ক হ’ব পাৰে, যি উন্নয়ন কেৱল দ্ৰুত নহয়, ন্যায়সঙ্গত আৰু দীঘলীয়া হ’ব। তেওঁৰ বক্তব্যই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰে আৰু পৰ্যটনৰ মূল্যবোধ সম্পৰ্কত, শিক্ষা প্ৰতিষ্ঠানসমূহে কেনেকৈ প্ৰচাৰ কৰিব পাৰে তাৰ ওপৰত উৎসাহজনক আলোচনা অনুষ্ঠিত হয়। অৰ্থনীতি বিভাগৰ অধ্যাপক ড° অনিতা বৰুৱাই ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ড° চেতিয়াক তেওঁৰ জ্ঞানভিত্তিক বক্তৃতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটোৱে পৰ্যটনৰ গুৰুত্ব আৰু ইয়াৰ বিকাশৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰাৰ সহায়ক হব বুলি উপস্থিত দৰ্শকে আশা কৰে।