ডিব্ৰুগড়ৰ কানৈ ছোৱালী মহাবিদ্যালয়ত ইলোৰা বিজ্ঞান মঞ্চৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে সমাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰত ব্ৰতী অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চই যোৱা ১৫ মে’ত ২১টা বছৰ সম্পূৰ্ণ কৰিলে। ২০০৪ চনৰ এই দিনটোতে আত্মপ্ৰকাশ কৰা সংগঠনটোৱে এইবেলি মঞ্চৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চৰ শাখাসমূহে বৈজ্ঞানিক মানসিকতা, জনস্বাস্থ্য সজাগতা, পৰিৱেশ ৰক্ষাকে ধৰি বিভিন্ন বিষয়ত বহু শিক্ষানুষ্ঠান আৰু ৰাজহুৱা সভাগৃহ আদিত আলোচনা সভা আদিৰ আয়োজন কৰে। উল্লেখ্য যে বিগত ২১ বছৰৰ যাত্ৰাপথত বিজ্ঞান মঞ্চই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে নিৰলসভাৱে যুঁজ কৰাৰ উপৰি সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰৰ বাবে একাগ্রচিত্তে কাম কৰি আছে। এইবেলি মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পেক্ষাগৃহত এক আলোচনা চক্ৰ সম্পন্ন কৰা হয়। সভাৰ আৰম্ভণিতে বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডা০ ৰীনা আহমেদৰ নেতৃত্বত ইলোৰা ৰায়চৌধুৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিভাগৰ প্ৰাক্তন অধ্যাপিকা ড° কল্পনা ডেকা কলিতাই সঞ্চালনা কৰা অনুষ্ঠানটোৰ আঁত ধৰি সম্পাদক জগন্নাথ ফুকনে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা কালৰ পৰা সুদীৰ্ঘ একৈশটা বছৰৰ কাম-কাজৰ ওপৰত আলোকপাত কৰে । আৰম্ভণিতে ড° পৰমানন্দ মজুমদাৰ ৰচিত মঞ্চৰ শীৰ্ষ গীত “আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো” পৰিবেশন কৰে সুবীৰ চৌধুৰী আৰু প্ৰণৱ শইকীয়াই অনুষ্ঠানত “জলবায়ু ন্যায় – আমাৰ দ্ব্যৰ্থহীন অধিকাৰ” শীৰ্ষক বিষয়ৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। পৰিৱেশবিদ ড°লোহিত শইকীয়াই বিষয়-বস্তুৰ ওপৰত তথ্য সমৃদ্ধ আৰু মননশীল বক্তব্য দাঙি ধৰি গোটেই বিশ্বজুৰি ক্ৰমবৰ্দ্ধমান জলবায়ু সংকটৰ পৰিপ্ৰেক্ষিতত জলবায়ু ন্যায়ৰ গুৰুত্ব ব্যাখা কৰে। জলবায়ু আন্দোলনৰ সৈতে জড়িত হৈ কেইবাবছৰ কাল মেৰু অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ গৱেষণাৰ অভিজ্ঞতা ব্যাখ্যা কৰি তেওঁ কয় যে জলবায়ু ন্যায় এটি সাৰ্বজনীন মানৱ অধিকাৰ । স্বাস্থ্যসন্মত জলবায়ুকে ধৰি সুস্থ আৰু বহনক্ষম পৰিৱেশৰ সুবিধা লাভ কৰাটো সকলোৰে অধিকাৰ। স্বাভাবিকতে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সমতা আৰু মানৱাধিকাৰ নিশ্চিত কৰি বহনক্ষম ভৱিষ্যতলৈ গতি কৰাত ন্যায়সংগত পৰিৱৰ্তনক অগ্ৰাধিকাৰ দিব লাগিব। ই অৱশ্য স্বীকাৰ্য যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু প্ৰশমনৰ বোজা সকলোৱে সমানে বহন কৰা নাই, বিশেষকৈ দুৰ্বল সম্প্ৰদায় আৰু সংকটৰ সম্মুখীন হোৱা সকলহে বেছিকৈ প্ৰভাৱিত হৈছে। এই ব্যৱস্থাৰ পৰিবৰ্তন লাগে। অসমৰ প্ৰসংগ উত্থাপন কৰি কয়, “বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত বাৰুকৈ সংকটাপন্ন অসমৰ দৰে অঞ্চলৰ বাবে জলবায়ু ন্যায় এক জটিল বিষয়। অনন্য ভৌগোলিক বৈশিষ্ট্য আৰু বানপানী, গৰাখহনীয়া, আৰু জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় অন্যান্য দুৰ্যোগৰ ভয়াবহ ভাবুকি থকা অসমৰ জলবায়ু ন্যায়ৰ ওপৰত জনগণৰ দ্ব্যৰ্থহীন অধিকাৰ আছে। জলবায়ু পৰিৱৰ্তনৰ পৰিণতিৰ বাবে অসমৰ উপৰত হোৱা প্ৰভাৱৰ লগত খাপ খুৱাবলৈ আৰু দুৰ্যোগ প্ৰশমন কৰিবলৈ বহু কৰিবলগীয়া আছে”। তেখেতৰ বক্তব্যৰ আলমত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°দিগন্ত ভূঞাই জলবায়ু ন্যায়ৰ বাবে বিশ্বজুৰি গঢ় লৈ উঠা জলবায়ু আন্দোলনৰ ঘটনাক্ৰম ব্যাখা কৰি ক্ৰমবৰ্দ্ধমান জলবায়ু সংকটৰ বাবে প্ৰধানকৈ জগৰীয়া পুঁজিবাদী তথা উন্নত দেশসমূহক জলবায়ু ন্যায় সুনিশ্চিত কৰাটো তেওঁ লোকৰ দায়িত্ব হিচাপে গ্ৰহন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত কানৈ মহিলা মহাবিদ্যালয়ৰ উপাধক্ষা ড°মানসী শৰ্মা , পূর্ণিমা চুতীয়া মঞ্চৰ সভানেত্ৰী গায়ত্ৰী দেৱী গোস্বামী , বিশিষ্ট শিক্ষাবিদ মুনীন শৰ্মা, বিশিষ্ট চিকিৎসক ডা: হেমচন্দ্ৰ কলিতা, সর্পবিদ তথা প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক টিকেন্দ্ৰজিৎ গগৈ, কানৈ বানিজ্য মহাবিদ্যালয় অধ্যক্ষ ড°জয়দেৱ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°দিগন্ত ভূঞা, যুক্তি বিকাশ সমিতি চিআৰইউ প্ৰমুখ্যে কৰি অৰ্ধশতাধিক বিজ্ঞানমনস্ক যুক্তিবাদী মনৰ লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দিগন্ত ভূঞাৰ দেউতাক মদন ভূঞা আৰু বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাক্তৰ সুৱল ফুকনে “ইলোৰা বিজ্ঞান মঞ্চ”ৰ মৰণোত্তৰ দেহদান পত্ৰত স্বাক্ষৰ কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞান মঞ্চৰ প্ৰণৱ শইকীয়াই
ইলোৰা বিজ্ঞান মঞ্চ ডিব্ৰুগড়।