ডিব্ৰুগড়ৰ কবি সমাজৰ “গীতে-মাতে-কবিতাৰে”অনুষ্ঠান সম্পন্ন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ইংৰাজী ১২/০৫/২০২৪ তাৰিখে ডিব্ৰুগড়ৰ পল্টন বজাৰৰ জালান নগৰ কালী মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ডিব্ৰুগড় কবি সমাজে আয়োজন কৰা ‘গীতে-মাতে-কবিতাৰে’ শীৰ্ষক কবিতা আৰু গীত-মাতৰ অনুষ্ঠানটো সুকলমে অনুস্হিত হৈ যায়৷ প্ৰায় অৰ্দ্ধ শতাধিক কবি প্ৰেমী লোকে অংশ গ্ৰহণ কৰা“গীতে মাতে কবিতাৰে” অনুষ্ঠানটো কবিতা আৰু গীতেৰে মুখৰিত কৰি তোলে ৷ সভাৰ আৰম্ভণিতেই আন্তজাৰ্তিক মাতৃ দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কৰি বিশ্বৰ মাতৃ সমাজৰ প্ৰতি সন্মান জনোৱা হয় ৷ প্ৰথিতযশা সাহিত্যক -সাংবাদিক হোমেন বৰগোহাঁইৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতৰ প্ৰতিও এগচী বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয় ৷ ডিব্ৰুগড় কবি সমাজৰ সভাপতি জয়ন্ত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতেই এটি বৰগীত পৰিবেশন কৰে অধিবক্তা প্ৰিয়ঙ্কা দত্তই ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে সহকাৰী সম্পাদক কনিকা মজুমদাৰ বৰদলৈয়ে ৷ আদৰণি ভাষণ আগবঢ়ায় ডিব্ৰুগড় কবি সমাজৰ কাৰ্যনিবাহক সদস্য সকলৰ লগত ৰাইজক চিনাকি কৰি দিয়ে সভাপতি জয়ন্ত বৰদলৈয়ে ৷“গীতে মাতে কবিতাৰে” অনুষ্ঠানটি সঞ্চালনা কৰে উপ সভাপতি অঞ্জলি দত্ত শইকীয়া আৰু কোষাধ্যক্ষ উজ্জ্বল চক্ৰৱৰ্তীয়ে৷ অংশগ্ৰহণ অন্যান্য কবিপ্ৰেমী সকল হ’ল ড° ফৰিদা আহমেদ,আাৰাধনা দত্ত, ৰেনু ফুকন,ড° প্ৰাতস লতা বুঢ়াগোহাঁই, ডা° মামনি দিহিঙীয়া, গুৰনাম সিং, যোগমায়া গোস্বামী ,পূৰ্ণ বৰদলৈ ,ক্ষীৰদা দেবী, সুৰজিতা সন্দিকৈ, ডা° মিনু দেবী,লাকী চাংকাকতি, বনজুৰি বৰুৱা,অলেখা বৰা, কাজল দাস, জয়ন্ত বৰদলৈ, অঞ্জলি দত্ত শইকীয়া,জ্যোৎস্না দেৱী ,সীমা বৰুৱা,সবিতা কেষাণ,উজ্জ্বল চক্ৰৱৰ্তী ,ৰঞ্জনা ভট্টাচাৰ্য,কনিকা মজুমদাৰ বৰদলৈ, পলাশী বৰুৱা ,পৱন কুমাৰ গাড়োদিয়া৷ জ্যোষ্ঠ কবি তথা শিল্পী মীৰা শৰ্মাই একক অভিনয়ৰে উপস্থিত দৰ্শকক আমোদ দিয়ে। জয়ন্ত বৰদলৈ,অলেখা বৰা আৰু পৱন কুমাৰ গাড়োদিয়া,উজ্জ্বল চক্ৰৱৰ্তীয়ে গীতৰ শৰাই আগবঢ়ায় ৷ কনমানি ভাইটি ৰিচান্ত হুচেইনে কীবৰ্ডত সুৰৰ লহৰেৰ শ্ৰোতা জনতাক আপ্নুত কৰে ৷ জ্যোষ্ঠ উপদেষ্টা শ্বৰিফ আহমেদে নিজৰ বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটোৰ শেষত প্ৰতিজন অংশগ্ৰহণ কাৰীক একোখন ”অভিনন্দন পত্ৰ “প্ৰদান কৰা হয়৷ আমন্ত্ৰিত বক্তা বিশিষ্ট কবি ,সমালোচক বিজু শৰ্মাই “আধুনিক কবিতাৰ ওপৰত” এটি তত্ত্বগধুৰ বক্তব্য আগবঢ়ায় আৰু অংশ গ্ৰহনকাৰী কবিৰ কবিতাৰ ওপৰত এটা সামগ্ৰিক পৰ্যালোচনা আগবঢ়ায়৷ শলাগৰ শৰাই আগবঢ়ায় অঞ্জলি দত্ত শইকীয়াই,কথা প্ৰসংগত শইকীয়াই অতি মৰম লগা কনমানি ভাইটি প্ৰদীপ দত্তৰ মবাইল কেমেৰাৰ দক্ষতাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অনুষ্ঠানটোৰ ফটো তুলি দিয়াৰ বাবে শলাগ লয়৷ সভাপতিৰ মন্তব্যত সভাপতিয়ে কয় যে ভাল কবিতা লিখিবলৈ হলে কবিতাৰ অনুশীলনৰ প্ৰয়োজন ৷অসমৰ জাতীয় সংগীতেৰে সভা ভংগৰ ঘোষনা কৰা হয় ৷