ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত বগাবাবা মাঝাৰৰ নতুন সমিতি গঠনৰ ভোট গ্ৰহণ ৬ অক্টোবৰত

ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত বগাবাবা মাঝাৰৰ নতুন সমিতি গঠনৰ ভোট গ্ৰহণ ৬ অক্টোবৰত

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্রুগড়ৰ ঐতিহ্যমণ্ডিত বগাবাবা মাঝাৰ পৰিচালনাৰ এখন নতুন কাৰ্যকৰী সমিতি ডিব্ৰুগড়ৰ মহামান্য দেৱানী ন্যায়াধীশৰ(জ্যোষ্ঠ্য বিভাগ) আদালতৰ নিৰ্দেশত জিলা প্ৰশাসনৰ তত্বাৱধান আৰু আৰক্ষী প্ৰশাসনৰ তদাৰকীত গঠন হোৱাৰ পথত ।ডিব্ৰুগড় আদালতৰ এম আই এচ চি/১/কেচ নম্বৰ ৬০/২০২৪ তাৰিখ ১৯ আগষ্টৰ নিৰ্দেশমৰ্মে যোৱা ২২/৯/২০২৪ তাৰিখে মাঝাৰ প্ৰেক্ষাগৃহত বৃহত্তৰ ডিব্ৰুগড় চহৰৰ অন্তৰ্গত মছজিদ জামাত সমূহৰ প্ৰতিনিধি, মাঝাৰৰ সদস্য আৰু সমাজৰ গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।এই সভাত সভাপতিত্ব কৰে উদ্যোক্তা সমিতিৰ সভাপতি আব্দুল মতলিবে। জিলা প্ৰশাসনে নিযুক্ত কৰা পৰ্যবেক্ষক হিচাপে ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ চক্ৰবিষয়া সমুজ্জল বৰা উপস্থিত থাকে। আৰক্ষী সুৰক্ষা বেষ্টনীত আৰম্ভ আৰু শেষ হোৱা সভাত চহৰৰ বিভিন্নজন ব্যক্তিয়ে কাৰ্য্যসূচীৰ ভিনভিন বিষয়ত বক্তব্য ডাঙি ধৰে। বক্তা সকল আছিল ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি জামছেদ খান, সমাজ কৰ্মী চৌকত লতিফ, নাচিৰ চুলতান,আলফ্ৰেড শ্বামছ, নাচিমুল গণি আৰু অন্যান্যসকল। মাঝাৰ পৰিচালনা সমিতিৰ মৰাণত থকা ভূমি সম্পৰ্কতো বিশদ ভাৱে আলোচনা কৰাৰ লগতে এই সভাতেই সম্পাদকীয় প্ৰতিবেদন, চাটাৰ্ড অডিটৰৰ দ্বাৰা পৰীক্ষীত আৰু প্ৰমাণিত হিচাপ আদি বিতংভাৱে আলোচনা কৰি সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয়। ডিব্ৰুগড়ৰ মহামান্য ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে ইতিমধ্যে যাৱতীয় কাম সমূহ আগবঢ়াই থকা নিৰ্বাচনী বিষয়াৰ অধীনত অহা ৬/১০/২০২৪ তাৰিখ দেওবাৰে সাধাৰণ নিৰ্বাচন পাতিবলৈকো সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্তমৰ্মে। উক্ত দিনা পুৱা ৯(ন)বজাৰ পৰা আবেলি ২(দুই) বজালৈ বৃহত্তৰ ডিব্রুগড়ৰ ৩১টা মছজিদ জামাতৰ পৰা ৫(পাঁচ) গৰাকীকৈ প্ৰতিনিধিকে আদি কৰি মুঠ ২৩০ জন ভোটদাতাই সম্পূৰ্ণ নীতি-নিৰ্দেশনা অনুযায়ী ভোটদান কৰিব। ইতিমধ্যে ডিব্ৰুগড়ৰ সকলো জামাতলৈ পঞ্জীকৃত পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি মাঝাৰ পৰিচালনা সমিতিৰ নিৰ্বাচনী বিষয়া,জ্যেষ্ঠ অধিবক্তা জৈনুদ্দিন আহমেদে এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিয়ে। মাঝাৰৰ সাধাৰণ সম্পাদক আব্দুল ছাদিক আৰু নিৰ্বাচনী বিষয়াই সংশ্লিষ্ট সকলোকে যথাসময়ত উপস্থিত থাকি ভোটদান কৰি মাঝাৰ পৰিচালনাৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰি দিবলৈ আহ্বান জনাইছে। ইতিমধ্যে সম্পন্ন হৈ যোৱা মনোনয়ন দাখিল প্ৰক্ৰিয়াত মুঠ ২২ টা পদৰ বাবে ৪৮ জন প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে। মাঝাৰস্হিত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় অথবা মাঝাৰৰ কাৰ্যালয়ৰ পৰা ভোটাৰ তালিকা গধুলি ৬-০০ নিশা ৮-০০ বজালৈকে সংগ্ৰহ কৰিবলৈ সংশ্লিষ্ট সকলো প্ৰাৰ্থীক জনোৱা হৈছে। সকলো কাৰ্যসূচী সুকলমে- সময়মতে সম্পন্ন হ’লে একেদিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আশা কৰা হৈছে বুলিও মাঝাৰ সমিতিয়ে জানিবলৈ দিয়ে।