ডিব্ৰুগড়ৰ ঐতিহ্যপূর্ণ ডি এইচ এছ কানৈ মহাবিদ্যালয়ক ভাৰত চৰকাৰৰ ধূমপানমুক্ত মহাবিদ্যালয় হিচাপে ঘোষণা

ডিব্ৰুগড়ৰ ঐতিহ্যপূর্ণ ডি এইচ এছ কানৈ মহাবিদ্যালয়ক ভাৰত চৰকাৰৰ ধূমপানমুক্ত মহাবিদ্যালয় হিচাপে ঘোষণা
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ক ভাৰত চৰাকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ তৰফৰ পৰা ধূমপানমুক্ত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। ইউ ডাইচ নম্বৰ ১৮১৫০৪০৮৫০৯ মর্মে ২০ ডিচেম্বৰ, ২০২৪ অনুসৰি সংশ্লিষ্ট মন্ত্রণালয়ে এই দিনৰ পৰা কাৰ্যকৰী হোৱাকৈ মহাবিদ্যালয়খনক ধূমপানমুক্ত মহাবিদ্যালয় হিচাপে ঘোষণা কৰে। ধূমপান মুক্ত মহাবিদ্যালয় হিচাপে পালন কৰিব লগা নির্দেশনা সমূহ সম্পূর্ণ ৰূপে পালন কৰাত মহাবিদ্যালয়খনক এনে প্রমাণ পত্র প্রদান কৰে। চাৰিকুৰি বছৰীয়া মহাবিদ্যালয়খনৰ ইতিহাসত ই এক মাইলৰ খুটি বুলি বিবেচিত হৈছে। উল্লেখ্য যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ পৰা মহাবিদ্যালয়খনলৈ অনলাইন যোগে প্ৰেৰণ কৰা প্ৰমাণ পত্রখন এক অনুষ্ঠানত ইন্ডিয়ান বেড ক্রছ ছ’চাইটি, ডিব্ৰুগড় শাখাৰ সাধাৰণ সম্পাদক ড. পংকজ কুমাৰ শ্রুতিকৰ, অসম বিজ্ঞান সমিতি, ডিব্রুগড় শাখাৰ সভানেত্রী ড’ ভাৰতী দত্ত আৰু যুটীয়া সম্পাদক অজিত কুমাৰ শৰ্মাই অধ্যক্ষ ড শশীকান্ত। শইকীয়াক আনুষ্ঠানিকভাবে অর্পণ কৰে। অনুষ্ঠানত আটছাৰ ডিব্ৰুগড় জিলাৰ সম্পাদক লক্ষীন্দৰ কুৰ্মিকে ধৰি মহাবিদ্যালয়খনৰ অধ্যাপিকা ড” মৰমী তালুকদাৰ, ছাত্র-ছাত্রীবে সম্পৰ্কৰক্ষী সমন্বয়ক ড° জ্যোতি প্রসাদ ফুকন, অধ্যাপিকা উপাসনা দত্তকে ধৰি ভালেকেইজন অধ্যাপক অধ্যাপিকা, কর্মচাৰী আৰু ছাত্র ছাত্রী উপস্থিত থাকে। মনকৰিবলগীয়া যে ২০২৩ চনত নাকৰ মূল্যায়ণত ‘এ’ গ্রেড লাভ কৰা মহাবিদ্যালয়খনে ইতিমধ্যে ‘গ্রীণ অডিটেড কলেজ’, ‘স্বচ্ছতাৰ কলেজ’, ‘শ্রেষ্ঠ শৃংখলাবদ্ধ কলেজ’ নামেৰে গৌৰৱ অর্জন কৰিছে। মহাবিদ্যালয়খনে ২০২৪ চনত ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ তৰফৰ পৰা ‘চেণ্টাৰ অব এক্সিলেঞ্চ’ সন্মানেৰে সন্মানীত হৈছে। মহাবিদ্যালয়খনে কেন্দ্রীয় চৰকাৰৰ খোৱাপানী আৰু স্বচ্ছতা মন্ত্রণালয়ৰ তৰফৰ পৰা ২০১৭ চনত দেশৰ ভিতৰত স্বচ্ছতাৰ ‘দ্বিতীয় ৰাষ্ট্ৰীয় স্বচ্ছ ভাৰত পুৰস্কাৰ’, ২০২০, ২০২২ আৰু ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ তিনিবাৰকৈ ‘শ্রেষ্ঠ শৃংখলাবদ্ধ মহাবিদ্যালয়’ব সম্মান, ২০২৪ বর্ষত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত ‘শ্রেষ্ঠ পৰিস্কাৰ মহাবিদ্যালয়’ৰ সন্মান, ২০২৩ বর্ষত ভাৰতীয় ডাক বিভাগে মহাবিদ্যালয়খনৰ নামত লেফাফা প্রকাশ, ২০১৮ চনত ডিব্রুগড় জিলা প্রশাসনৰ তৰফৰ পৰা ‘ডিব্ৰুগড় স্বচ্ছতা পুৰস্কাৰ’, ২০২২ চনত ডিব্রুগড় নাগৰিক মঞ্চৰ তৰফৰ পৰা ‘অসমৰ পৰিস্কাৰ মহাবিদ্যালয়’ৰ সন্মান, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নেহৰু যুৱ কেন্দ্র ডিব্ৰুগড় শাখাৰ তৰফৰ পৰা মহাবিদ্যালয়খনক স্বচ্ছতাৰ সন্মান, গুণগত উচ্চমানৰ শিক্ষা প্রদান কৰাৰ বাবে ISO- 9001: 2015 প্রমাণ পত্র লাভ কৰাৰ উপৰিও ২০২৪ চনত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রণালয়, উদ্ভাবন কোষৰ তৰফৰ পৰা মহাবিদ্যালয়খনক Establishment of Institutions Innovation Council ৰ স্বীকৃতি প্রদান, মহাবিদ্যালয়খনে স্বচ্ছতাব দিশত কৰা কাম কাজৰ বাবে ২০২৪ চনত ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রণালয়, খোৱাপানী আৰু অনাময় বিভাগ, ভাৰত চৰকাৰৰ জল শক্তি মন্ত্রণালয়ে স্বচ্ছতা হিচাপে ২০২৪ ৰূপায়ণ কৰাত এক প্রমাণ পত্র যোগে ভূয়সী প্রশংসা কৰিছে, যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রণালয়ে উত্তৰ-পূবৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ডি এইচ এছ কানৈ মহাবিদ্যালয়ক প্রথম পর্যায়ত Knowledge Institution হিচাপে স্বীকৃতি দিছে, কেন্দ্রীয় চৰকাৰে মহাবিদ্যালয়খনক ২০২৫-২৬ বৰ্ষৰ পৰা Inte- grated Teacher Education Programmes (ITEP) under NCTE মুকলি কৰাৰ বাবেও ইতিমধ্যে অনুমোদন জনাইছে। মহাবিদ্যালয়খন এনেদৰে উজ্বলি উঠাৰ মাজতে প্রাক্তন ছাত্র সর্বানন্দ সোনোৱালে কেৱল মুখ্যমন্ত্রীয়েই নহয়, ভাৰত চৰকাৰৰ গুরুত্বপূর্ণ কেবিনেট মন্ত্রী আৰু প্রাক্তন ছাত্র ড° ৰাজীৱ গগৈয়ে পৃথিৱীৰ চতুৰ্থজন উদ্ভিদ বিজ্ঞানী হিচাপে স্বীকৃতি পোৱাত মহাবিদ্যালয়খনৰ পৰিয়ালৰ মাজত আনন্দৰ বণ্যা বৈছে। মহাবিদ্যালয়খনৰ এনে অগ্রগতিত পৰিচালনা সমিতিয়ে সন্তোষ প্রকাশ কৰে আৰু অধ্যক্ষ ড° শশীকান্ত শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে।