এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়স্থিত আকবৰপট্টি মছজিদ ৱেলফেয়ৰ চʼচাইটিৰ উদ্যোগত এক সমাজকল্যাণমূলক কাৰ্যসূচী আয়োজন কৰি সমাজৰ আৰ্তজন তথা দুখীয়ালোক সকলৰ মাজত কম্বল বিতৰণ কৰা হয়। শীতৰ তীব্ৰতাৰ সময়ত আৰ্তলোকসকলৰ সহায়ৰ উদ্দেশ্যে এই মানৱীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সমিতিৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে। কাৰ্যসূচীত আকবৰপট্টি মছজিদ ৱেলফেয়ৰ চʼচাইটিৰ বিষয়ববীয়া- সদস্যসকলে গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি দেশে স্বাধীনতা লাভ কৰাৰ পিছত আজিৰ এই পৱিত্ৰ দিনটোতে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত বিশ্বৰ সৰ্ববৃহৎ সংবিধানখন গৃহীত হোৱাত শ্বহীদ সকলৰ লগতে সংবিধান প্ৰণেতা সকলকো শ্ৰদ্ধাৰে সোঁৱৰে।আকবৰপট্টি সমিতিৰ ৰাইজে ক’ভিডৰ সময়তো এনেধৰণৰ জনকল্যাণমূলক কাম কৰাৰ লগতে আগন্তুক দিনতো এনে কল্যাণমূলক কাম অব্যাহত ৰাখিব বুলি কয়। অনুষ্ঠানত আকবৰপট্টি মছজিদ ৱেলফেয়ৰ চʼচাইটিৰ সকলো সদস্য উপস্থিত থকাৰ লগতে মছজিদ সমিতিৰ সভাপতি টফিল উদ্দিন বিশ্বাস, সম্পাদক ইচলাম আহমেদ, কোষাধ্যক্ষ চাহজা মাৰুফ ইচলাম, সাংস্কৃতিক সম্পাদক চাহিদ মতিন ,কাৰ্যকৰী সদস্য,বগা বাবা মাজাৰৰ সভাপতি শেখ হাইদৰ আলি, সমাজ সেৱক পাৰভেজ খান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।এই বিতৰণৰ খৰচ সম্পূৰ্ণ ভাৱে সমিতিৰ সদস্য সকলে প্ৰতি মাহে জমা কৰা ধনৰ পৰা ব্যয় কৰা হয় আৰু এটকাও মছজিদৰ বাবে ৰাইজে দিয়া দান বৰঙণিৰ পৰা দিয়া হোৱা নাই বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে জানিবলৈ দিয়ে।
ডিব্ৰুগড়ৰ আমোলাপট্টিত মুছলিম কল্যাণ পৰিষদৰ গণৰাজ্য দিৱস পালন
গণৰাজ্য দিৱসত ডিব্ৰুগড়ৰ আকবৰপট্টি মছজিদত দুখীয়াক কম্বল বিতৰণ
