ডিব্ৰুগড়ৰ আমোলাপট্টিত মুছলিম কল্যাণ পৰিষদৰ গণৰাজ্য দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৭৭তম গণৰাজ্য দিৱস উপলক্ষে উপলক্ষে ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি মুছলিম কল্যাণ সমিতিৰ কাৰ্যালয়ত গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি ৰাছিফুৰ ৰহমানে। ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ পিছত সভাপতি গৰাকীয়ে তেওঁৰ ভাষণত সংবিধানত সন্নিবিষ্ট ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ সকলোৰে মাজত ৰোপণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত উপদেষ্টা আলহাজ জলিল উদ্দিন আহমেদে ঐক্য আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ সকলোকে একেলগে কাম কৰাৰ আহ্বান জনায়। অনুষ্ঠানটিৰ আঁতধৰে যুগ্ম সম্পাদক মহচিন ৰেইছ আহমেদে।
