ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ জাতীয় পৰিষদৰ সভাপতি- সম্পাদকৰ

ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ জাতীয় পৰিষদৰ সভাপতি- সম্পাদকৰ
ডিব্ৰুগড়, এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী ভোটাৰক ধন্যবাদ জনাইছে অসম জাতীয় পৰিষদ  দলৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিত দলটোৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই।  এক প্ৰেছ বিজ্ঞপ্তিযোগে সভাপতি আৰু সম্পাদক দুগৰাকীয়ে কয় যে গণতন্ত্ৰৰ এই সৰ্ববৃহৎ উৎসৱত অংশগ্ৰহণ কৰি ৰাইজে দেশ আৰু দেশৰ সংবিধানৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশেৰে নিজৰ দেশপ্ৰেমৰ চানেকি দাঙি ধৰিলে৷ আনহাতে জাতীয় পৰিষদক ভোটদান কৰা প্ৰতিগৰাকী ভোটাৰ, দলৰ কৰ্মী-সমৰ্থক-শুভাকাঙ্খী আৰু মিত্ৰ দলসমূহৰ নেতা-সদস্য- সমৰ্থকসকলক ধন্যবাদ জনাই গগৈ আৰু ভূঞাই কয় যে প্ৰচাৰৰ যাত্ৰাটোত ধনবলৰ অভাৱ আৰু প্ৰতিকূল আন্তঃগাঁথনি স্বত্বেও দলৰ ওপৰত থকা স্বাভিমানী জনতাৰ বিশ্বাস আৰু আৰ্শীবাদে দলটোক ইমান কঠিন যুঁজ এখন চলাই নিয়াৰ বাবে শক্তি যোগান ধৰিলে৷ গগৈ আৰু ভূঞাই আৰু কয় যে আমাক বহুতে হাঁহিছিল যে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আমি যুজিম কেনেকৈ! বিশাল ধনৰ ভাণ্ডাৰ লৈ ঘূৰি ফুৰা দলটোৰ বিপক্ষে আমি থিয় হ’ম কেনেকৈ৷  কিন্তু ৰাইজৰ মৰম-আশীৰ্বাদে সেই কাম সফল কৰি তুলিলে। আমাৰ লগত প্ৰচাৰলৈ যোৱা, গাঁৱে চহৰে কাষে কাষে থাকি সাহস দিয়া অনেকজনক হয়তো আমি আন দলৰ দৰে আপ্যায়ন কৰিব পৰা নাই, হয়তো ভালকৈ মাত এষাৰো দিব পৰা নাই৷ কিন্তু এইখন জাতীয় সংগ্ৰামত তেওঁলোকৰ নিস্বৰ্ত সমৰ্থনে প্ৰমাণ কৰিছে যে সকলো সম্প্ৰদায় আৰু জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান পুনৰুদ্ধাৰ কৰাৰ জাতীয় সংগ্ৰামখন বিজেপিয়ে অপপ্ৰচাৰ কৰাৰ দৰে মুঠেই দুৰ্বল হোৱা নাই, বৰং শক্তিশালীহে হৈছে৷