ডিব্ৰুগড়ত ৰেডক্ৰছ চ’ছাইটিৰ নৱগঠিত জিলা পৰিচালনা সমিতিৰ শপত গ্ৰহণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৬ জুলাইত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত তথা ৰেডক্ৰছ চ’ছাইটিৰ অধ্যক্ষ বিক্ৰম কৈৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা চ’ছাইটিৰ ষষ্ঠবাৰ্ষিক সাধাৰণ সভাত আয়ুক্তৰ দ্বাৰা অনুমোদিত নৱগঠিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ কাৰ্য্য সম্পন্ন হয় ড০ আৰ কে বি আইন মহাবিদ্যালয়ত আয়োজন কৰা চ’ছাইটিৰ ৬০ সংখ্যক মাহেকীয়া সভাত । সভাখন পৰিচালনা কৰে চ’ছাইটিৰ পূৰ্বৰ সভাপতি ডাঃ প্ৰণিত কুমাৰ চৌধুৰীয়ে। সভাত পুৰণা সমিতি আৰু নতুন সমিতিৰ মাজত পৰ্যায়ক্ৰমে কাৰ্য্যভাৰ গ্ৰহণ আৰু হস্তান্তৰ কৰা হয়। তিনি বছৰীয়া (২০২৫-২০২৮) এই পৰিচালনা সমিতিখন সৰ্বমুঠ ১৮ জন সদস্যৰে গঠিত আৰু ইয়াৰে কাৰ্যকৰী সমিতিৰ সভাপতি হিচাপে ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰ, উপ-সভাপতি ড০ মহেশ কুমাৰ জৈন, কোষাধক্ষ ৰাজকুমাৰ আগৰৱালা আৰু অনুজ কুমাৰ বৰুৱাই সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱায় ৰেডক্ৰছ চ’ছাইটিৰ উপ-পৃষ্ঠপোষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ( ভাইচ পেত্ৰন) ড০ কন্দৰ্প কুমাৰ ডেকাই।