ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ উদ্যোগত গ্ৰীষ্মকালীন ১৫ দিনীয়া সত্ৰীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ উদ্যোগত গ্ৰীষ্মকালীন ১৫ দিনীয়া সত্ৰীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰীষ্ম বন্ধৰ সময়চোৱাত ছাত্র ছাত্রীক সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ লগতে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়টো অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ ২০ জুলাইত সফল সামৰণি পৰে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সম্পন্ন হয়। ডিব্ৰুগড়ৰ সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ কৰ্মশালাত বিশেষকৈ বৰগীত, সত্ৰীয়া নৃত্য আৰু অভিনয় শিতানত প্ৰশিক্ষণ প্ৰদান কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনুষ্ঠিত কৰা এই গ্ৰীষ্মকালীন কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে থাকে সত্ৰীয়া সংস্কৃতিৰ পণ্ডিত যোগেন দত্ত বৰবায়ন। ১৫ দিনীয়া এই কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ কৰি সামৰণিৰ দিনা নিজ নিজ পাৰদৰ্শিতা প্ৰদৰ্শণ কৰি সকলোকে আপ্লুত কৰে। সামৰণি অনুষ্ঠানত শক্তি মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকা, ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত জুৰী দলে, সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড°কন্দৰ্প কুমাৰ ডেকাই আৰু সমূহীয়া প্ৰাৰ্থনাৰে আৰম্ভ কৰা হয় মূল কাৰ্যসূচী।