ডিব্ৰুগড়ত ৰাজ্যিক ভিত্তিত অধ্যাপক ভীমকান্ত কোঁৱৰ সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ প্ৰস্তুতি

ডিব্ৰুগড়ত ৰাজ্যিক ভিত্তিত অধ্যাপক ভীমকান্ত কোঁৱৰ সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ প্ৰস্তুতি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা সমাজ সংস্কাৰক অধ্যাপক ভীমকান্ত কোঁৱৰৰ সোঁৱৰণত প্ৰতি বছৰে আয়োজন কৰিবলৈ লোৱা বক্তৃতানুষ্ঠানত “অধ্যাপক ভীমকান্ত কোঁৱৰ সাহিত্য বঁটা” প্ৰদান কৰাৰ লগতে ৰাজ্যিক ভিত্তিত আয়োজন কৰা হৈছে এখন ৰচনা প্ৰতিযোগিতাৰ। এই ৰচনা প্রতিযোগিতাত প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্রমে ৬,০০০ (ছয় হাজাৰ), ৪,০০০ (চাৰি হাজাৰ) আৰু ৩,০০০ (তিনি হাজাৰ) টকাৰ নগদ ধন, মানপত্ৰ আৰু স্মাৰক আগবঢ়োৱা হ’ব। আজি অনুষ্ঠিত হোৱা অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পুৰস্কাৰসমূহ চলিত বছৰৰ ২২ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া অধ্যাপক ভীমকান্ত কোঁৱৰ সোঁৱৰণী বক্তৃতানুষ্ঠানত আনুষ্ঠানিকভাবে প্রদান কৰা হ’ব। অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাজনলৈ অন্য ব্যৱস্থাৰে পুৰস্কাৰ প্ৰেৰণ কৰা হ’ব। উক্ত অনুষ্ঠানৰ আগতেই প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ’ব। সাম্প্ৰতিক সময়ত মহাত্মা গান্ধীৰ আদৰ্শ তথা গান্ধীবাদৰ প্ৰাসংগিকতা শীৰ্ষক বিষয়ৰ ৰচনা প্ৰতিযোগিতাত স্নাতক তথা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব। প্রবন্ধৰ শব্দ সংখ্যা ২৫০০ (দুহেজাৰ পাঁচশ)ৰ পৰা ৩০০০ (তিনি হাজাৰ) শব্দৰ ভিতৰত হ’ব লাগিব। প্রবন্ধসমূহ অসমীয়া ভাষাত লিখিব পাৰিব। অংশগ্রহণকাৰীয়ে শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰৰ লগতে অংশগ্রহণকাৰীৰ নিজৰ সম্পূর্ণ নাম, ঠিকনা আৰু ফোন নম্বৰ সুকীয়া পৃষ্ঠাত উল্লেখ কৰিব লাগিব। বিচাৰকক অংশগ্রহণকাৰীৰ পৰিচয় জ্ঞাত কৰা নহ’ব। প্রবন্ধসমূহ ৩১ অক্টোবৰ , ২০২৪ চনৰ ভিতৰত পোৱাকৈ,সুমন দত্ত, বৰপথাৰ, কমাৰ গাঁও, পো :কমাৰ গাঁও,মোহনাঘাট,ডিব্ৰুগড় এই ঠিকনালৈ পঠাব পাৰিব অথবা sdutta108@gmail.com এই ই-মেইলতো প্ৰেৰণ কৰিব পাৰিব। প্রবন্ধসমূহ পেইজ মেকাৰ চফ্টৱেৰত গীতাঞ্জলি ফন্টত ডি.টি.পি কৰি পি.ডি.এফ আৰু পি.এম.ডি উভয় ফৰমেটত পঠাব পাৰিব।প্রবন্ধসমূহ বিচাৰকৰ দৃষ্টিত মানবিশিষ্ট বুলি পৰিগণিত হ’লেহে প্রতিযোগিতাৰ আওঁতালৈ আহিব। মানবিশিষ্ট প্রবন্ধ নাপালে প্রতিযোগিতা পুনৰ অনুষ্ঠিত বা বাতিল কৰাৰ সিদ্ধান্ত আয়োজকৰ থাকিব আৰু তেনে সিদ্ধান্ত যথাযথভাবে অৱগত কৰা হ’ব বুলিও এই সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অধ্যাপক ভীমকান্ত কোঁৱৰে তেখেতৰ জীৱনকালত অভিলেখ সংখ্যক চাৰিশৰো অধিক ব্যক্তিক ৰাজহুৱা ভাৱে সম্বৰ্থনা জ্ঞাপন কৰিছিল। তেখেতৰ আদৰ্শেৰেই “অধ্যাপক ভীমকান্ত কোঁৱৰ সোঁৱৰণী বক্তৃতানুষ্ঠান”ত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা পাঁচ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব।  উল্লেখ্য যে অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিয়ে ৰাজ্যিক ভিত্তিত আয়োজন কৰা “অধ্যাপক ভীমকান্ত কোঁৱৰ সাহিত্য বঁটা” ত লেখক-লেখিকাই লাভ কৰিব নগদ ৫১,০০০ টকা, এটা স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু এখন প্ৰশস্তি পত্ৰ । তদুপলক্ষে ২০২৪ বৰ্ষৰ অধ্যাপক” ভীমকান্ত কোঁৱৰ সাহিত্য বঁটা” ৰ বাবে লেখক-লেখিকাৰ ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থ আহ্বান কৰা হৈছে । লেখক-লেখিকাই ছপা গ্ৰন্থৰ ৬ টা নকল ২০ ছেপ্তেম্বৰ ২০২৪ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব । আবেদনকাৰী ৫০ বছৰ বয়সৰ অনূৰ্ধৰ হ’ব লাগিব। গ্ৰন্থৰ ক্ষেত্ৰত বঁটা প্ৰদান বৰ্ষৰ পাঁচ বছৰৰ ভিতৰত প্ৰকাশিত হোৱা হ’ব লাগিব । অৰ্থাৎ ২০২৪ বৰ্ষৰ বঁটাৰ বাবে ১ জানুৱাৰী ২০১৯ চনৰ পৰা ৩১ ডিচেম্বৰ ২০২৩ ত প্ৰকাশিত গ্ৰন্থহে বিবেচিত হ’ব । বঁটাৰ বাবে তত্ত্ব তথা তথ্য সম্বলিত মননশীল গৱেষণাধৰ্মী গ্ৰন্থক প্ৰাধান্য দিয়া হ’ব। তদুপৰি ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্য়ায়ত ইতিপূৰ্বে পুৰস্কাৰ লাভ কৰা গ্ৰন্থ বা অন্য বিশিষ্ট প্ৰতিষ্ঠানৰ পুৰষ্কাৰপ্ৰাপ্ত গ্ৰন্থ বঁটাৰ বাবে বিবেচিত নহ’ব । আবেদনকাৰীয়ে গ্ৰন্থৰ সৈতে প্ৰমাণ পত্ৰসহ অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব । কাৰ্যালয়ৰ ঠিকনা – উদয়পুৰ, ডিব্ৰুগড় -৭৮৬০০৩। নতুবা সুমন দত্ত, বৰপথাৰ কমাৰ গাঁও, ডিব্ৰুগড় -৭৮৬০০৮ এই ঠিকনাতো প্ৰেৰণ কৰিব পাৰিব। বিশিষ্ট লেখক তথা সাংবাদিক ভূষণজ্যোতি সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আৰম্ভণিতেই কৃতী শিক্ষক তথা লেখক চেৱন কুমাৰ শৰ্মা, কানৈ কলেজৰ উপাধ্যক্ষ ড০ প্ৰিয়দেৱ গোস্বামী, সমাজকৰ্মী মৌচুমী বাগচী, শিক্ষয়িত্ৰী ৰশ্মিৰেখা গোস্বামীয়ে অধ্যাপক ভীমকান্ত কোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। সম্পাদক সুমন দত্তই উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত উপস্থিত আছিল ক্ৰমে কৃতি শিক্ষক প্ৰদীপ কুমাৰ সন্দিকৈ, সাহিত্য সংগঠক লোকেশ্বৰ বৰা, কাৰ্টুনিষ্ট মুজাহিদ জাফ্ৰী, সদৌ অসম মইনা পাৰিজাতৰ সাংস্কৃতিক সম্পাদক ৰাজীৱ ফুকন, শ্বহীদ কুশল কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিৰ সম্পাদক অনিল প্ৰসাদ সিংহ, সাংবাদিক প্ৰশান্ত কোঁৱৰ, বিধু বৰকাকতি আদি। অধ্যাপক ভীমকান্ত কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিৰ সম্পাদক সুমন দত্ত আৰু সভাপতি ঋতুপৰ্ণ বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰিছে।