ডিব্ৰুগড়ত ৬২ খন শিক্ষানুষ্ঠানত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ শুভাৰম্ভ

ডিব্ৰুগড়ত ৬২ খন শিক্ষানুষ্ঠানত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ শুভাৰম্ভ

আজিৰে পৰা আৰম্ভ হৈছে এই আচঁনিৰ প্ৰ-পত্ৰৰ বিতৰণ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কন্যাৰ উচ্চশিক্ষাৰ বাট সুনিশ্চিত কৰি সৱলীকৰণৰ দিশে আগুৱাই নিবলৈ আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে এক সুৰক্ষিত ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ১০ লাখ ছাত্ৰীক সাঙুৰি প্ৰস্তুত কৰা “মুখ্যমন্ত্ৰী নিযুত মইনা আচঁনি”ৰ আজি( ৮ আগষ্ট)অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই শুভাৰম্ভ কৰে । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ সৰ্বমুঠ ৬২ খন শিক্ষানুষ্ঠান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ এই অভিলাষী “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ শুভাৰম্ভ উপলক্ষ্যে আয়োজিত সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। শিক্ষানুষ্ঠান সমূহত হোৱা এই পোনপটীয়া সম্প্ৰচাৰণৰ কাৰ্যসূচীত স্থানীয় বিধায়কসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু সংশ্লিষ্ট বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰীসকল উপস্থিত থাকে। ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”ৰ শুভাৰম্ভৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰৰ কাৰ্যসূচীত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) সংঘমিত্ৰা বৰুৱা, সহকাৰী আয়ুক্ত নয়নমনি দত্ত, মহাবিদ্যালয়খনৰ অধ্যক্ষা ড০ নিবেদিতা ফুকন প্ৰমুখ্যে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী আৰু ভালেসংখ্যক ছাত্ৰী উপস্থিত থাকে। এই কাৰ্য্যসূচীতে বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী প্ৰমূখ্যে জিলা অতিৰিক্ত আয়ুক্ত সংঘমিত্ৰা বৰুৱাই আনুষ্ঠানিকভাবে পাচঁগৰাকী ছাত্ৰীক এই আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ কৰি কাৰ্যসূচীৰ আৰম্ভ কৰে। বিধায়ক প্ৰশান্ত ফুকনে কয় যে অসম চৰকাৰৰ এই অভিলাষী আচঁনিখনে কন্যা শিশুৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা যোগাব। কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰি বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি দূৰীকৰণৰ ক্ষেত্রতো এই “মুখ্যমন্ত্রী নিযুত মইনা আচঁনি”খন যথেষ্ঠ ফলপ্ৰসূ পৰিগণিত হব বুলিও তেওঁ উল্লেখ কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে দেশৰ সৰ্বাংগীণ বিকাশৰ বাবে মানৱ সম্পদৰ বিকাশ অতিশয় প্ৰয়োজনীয় বুলি উল্লেখ কৰে। নৱপ্ৰজন্মক দেশৰ ভৱিষ্যত বুলি মন্তব্য আগবঢ়াই জিলা আয়ুক্তগৰাকীয়ে উপস্থিত ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত একান্তমনে মনোনিবেশ কৰি সমাজৰ তথা দেশৰ একোজন সুদক্ষ নাগৰিক হ’বলৈ উৎসাহিত কৰে। অসম চৰকাৰে শুভাৰম্ভ কৰা “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনি”খন ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যথেষ্ঠ সহায়ক হোৱাৰ লগতে এক উজ্জ্বল ভৱিষ্যতৰ দিশত আগুৱাই যোৱাত উল্লেখনীয় ভাৱে পৰিগণিত হ’ব বুলিও তেওঁ উল্লেখ কৰে।