এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সদৌ চুতীয়া জাতি সম্মিলন, অসম, সদৌ চুতীয়া জাতি মহিলা সম্মিলন, অসম চুতীয়া যুৱ সম্মিলন, অসম, সদৌ অসম চুতীয়া ছাত্র সন্থা, ডিব্রুগড় জিলা প্রশাসন আৰু বৃহত্তৰ গজপুৰীয়াবাসী ৰাইজৰ আতিথ্যত ৫০১ সংখ্যক কেন্দ্রীয় বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস ২১ এপ্ৰিল তাৰিখে মৰাণ গজপুৰীয়া বিহুতলী প্রেক্ষাগৃহত অনুষ্ঠিত হয়। বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই অসমৰ সাহসী মহিয়সী চুতিয়া নাৰী সতী সাধনীৰ আত্ম বলিদান শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বুৰঞ্জীত দেশ আৰু জাতিৰ বাবে যিসকল মহীয়সী নাৰীয়ে আত্ম-বলিদান দিছে তেওঁলোকৰ ভিতৰত বীৰাঙ্গণা সতী সাধনী অন্যতম বুলি উল্লেখ কৰে। বীৰাঙ্গণা সতী সাধনীৰ আত্মবলিদানে নাৰী সমাজক মহিয়ান কৰি থৈছে বুলিও মন্ত্ৰী বিমল বৰাই নিজ ভাষণত উল্লেখ কৰে। আনহাতে, মন্ত্ৰী বিমল বৰাই বুৰঞ্জীপ্ৰসিদ্ধ চুতিয়াসকল অতি উৎকৃষ্টমানৰ কলা-সংস্কৃতিৰ অধিকাৰী বুলি উল্লেখ কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চুতিয়াসকলে অনবদ্য অৱদান আগবঢ়াই আহিছে বুলি তেওঁ কয়। বীৰাঙ্গণা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়াই উদ্বোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লোক সংস্কৃতিৰ সাধক তথা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰাপক ড০ অনিল শইকীয়া। অনুষ্ঠানত বীৰাঙ্গনা সতী সাধনীৰ এটি প্ৰতিমূৰ্ত্তিৰ উন্মোচন কৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। অনুষ্ঠানত “বন্দিতা সাধনী” শীৰ্ষক এখনি স্মৃতি গ্ৰন্থৰ উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুধিন বৰুৱাই। অনুষ্ঠানত ভালে সংখ্যক গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
ডিব্ৰুগড়ত ৫০১ সংখ্যক বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস উদযাপন

ডিব্ৰুগড়ত ৫০১ সংখ্যক বীৰাঙ্গণা সতী সাধনী স্মৃতি দিৱস উদযাপন