ডিব্ৰুগড়ত ২৫৬৯ তম বুদ্ধ জয়ন্তী উদযাপন

ডিব্ৰুগড়ত ২৫৬৯ তম বুদ্ধ জয়ন্তী উদযাপন::ভাৰত -পাক যুদ্ধ আৰু ম্যানমাৰ, থাইলেণ্ডৰ  ভূমিকম্পত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-    সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলৰ বাবে অতি পবিত্ৰ এটা দিন। যিটো দিনত গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। অহিংসাই পৰম ধৰ্ম বাণীৰে শান্তিৰ বাণী বিলাই যোৱা ভগৱান বৌদ্ধিক স্মৰণ কৰি ডিব্ৰুগড়ৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে সকলোকে বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰে। ডিব্ৰুগড় গ্ৰাহাম বজাৰস্থিত বুদ্ধ বিহাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৫৬৯ তম বুদ্ধ জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকি বৌদ্ধ বিহাৰৰ আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে তেওঁৰ পুঁজিৰ পৰা তিনি লাখ টকা অনুদান আগবঢ়ায়। পুৱাৰ ভাগত বৌদ্ধ মংগলাচৰণ আৰু বিশ্ব বৌদ্ধ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত প্ৰায় শতাধিক লোকৰ উপস্থিতিৰে  বুদ্ধ বিহাৰৰ অধ্যক্ষ সুমেধানন্দ মহাথেৰৰ জৰিয়তে  বিশ্বশান্তিৰ কামনাৰে প্ৰাৰ্থনা কৰাৰ লগতে শেহতীয়াকৈ থাইলেণ্ডত সৃষ্টি হোৱা বৰভূইকঁপত প্ৰাণ হেৰুৱাসকলৰ শান্তি কামনাৰ লগতে পেহেলগাম ঘটনা আৰু ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত দেশৰ বাবে নিজৰ জীৱন আহুতি দিয়া সকলৰ  প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বুদ্ধজয়ন্তী উপলক্ষে  উত্তম কুমাৰ বৰুৱাই আ‍ঁত ধৰা মুকলি সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় পৌৰনিগমৰ পাৰিষদ নিৰূপা দত্ত, বৌদ্ধ বিহাৰৰ সভাপতি দেৱানন্দ কোঁৱৰ,উপস্থিত থাকি ভগৱান গৌতম বুদ্ধৰ জীৱনাদৰ্শ, তথা বিশ্বৰ মানৱ জীৱনৰ বাবে আগবঢ়াই যোৱা অৱদান আৰু বৌদ্ধ জয়ন্তীৰ তাৎপৰ্য সন্দৰ্ভত উপস্থিত সকলৰ সন্মুখত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলৰ উপৰিও অন্যান্য বহু লোক উপস্থিত থাকি পবিত্ৰ দিনটোত ভগৱান বুদ্ধৰ পৰা আৰ্শীবাদ কামনা কৰে। আনহাতে বুদ্ধ জয়ন্তীৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী আছিল যদিও সাম্প্ৰতিক পৰিস্থিতি বাবে সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হয়।