ডিব্ৰুগড়ত স্মাৰ্ট মিটাৰ-বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শৱযাত্রালৈ আছুৰ বিক্ষোভ 

ডিব্ৰুগড়ত স্মাৰ্ট মিটাৰ-বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শৱযাত্রালৈ আছুৰ বিক্ষোভ 
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  স্মাৰ্টমিটাৰক ডকাইত মিটাৰ আখ্যা  ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ।  আজি(২৭ আগষ্ট )সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত স্মাৰ্টমিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত  সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ‘’বিদ্যুৎ বিভাগ আৰু এপিডিচিএল” ৰ শৱযাত্ৰা লৈ কাৰ্যসূচী ৰূপায়ণ কৰে। অনিয়মীয়া বিদ্যুৎ যোগান সমস্যা সমাধানত ব্যৰ্থ শক্তি বিভাগে বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণক মাধমাৰ আৰু  হাৰাশাস্তি কৰাৰ  প্ৰতিবাদত ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত ডিব্ৰুগড় ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখলৈ” বিদ্যুৎ বিভাগ আৰু এপিডিচিএল ৰ শৱযাত্ৰা’’লৈ কাৰ্যসূচী ৰূপায়ণ কৰে।ছাত্ৰ সন্থাৰ স্পষ্ট মত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে বৰ্দ্ধিত বিদ্যুৎ মাচুল অনতিপলমে  হ্ৰাস কৰাৰ উপৰি স্মাৰ্ট মিটাৰৰ জৰিয়তে শক্তি বিভাগে জনতাৰ ওপৰত চলোৱা আতিশয্যৰ পৰা জনসাধাৰণক মুক্ত কৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে।