ডিব্ৰুগড়ত সোনোৱাল ছাত্ৰ সন্থাৰ সংবাদমেল:: বিধান সভাত লাগে প্ৰতিনিধি
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- সোনোৱাল জনগোষ্ঠীৰ প্ৰতিনিধি বিচাৰি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাই আগন্তুক নিৰ্বাচনৰ আগমুহূৰ্তত নিজৰ স্থিতি প্ৰকাশ কৰি জানিব দিয়ে যে অসমৰ আদিম সন্তান,ভুমি সন্তান,খিলঞ্জীয়া জনজাতি সোনোৱাল কছাৰীসকল।এই সোনোৱাল কছাৰীসকল যি ঘোষিত এৰিয়া ডিব্ৰুগড়,তিনিচুকীয়া ধেমাজি জিলাত,বিশেষকৈ এই তিনিখন জিলাত বসবাস কৰি আহিছে।সোনোৱাল কছাৰীসকল মতে তিনিখন জিলাৰ পৰা আচলতে বিধান সভাৰ প্ৰতিনিধি সোনোৱাল কছাৰী লোকক আগন্তুক বিধানসভাত প্ৰতিনিধি কৰাৰ সুযোগ দিয়াৰ বাবে সকলো ৰাজনৈতিক দলক আহ্বান জনায় সোনোৱাল কছাৰী ছাত্ৰ সন্থা।
