ডিব্ৰুগড়ত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ তৃতীয় ভৈয়াম জনজাতি জনগোষ্ঠী সোনোৱাল কছাৰী সকলক অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনত বিশেষকৈ শাসক দল ভাৰতীয় জনতা পাৰ্টী, ৰাষ্ট্ৰীয় দল কংগ্ৰেছ, অসম গণ পৰিষদ, ৰাইজৰ দল,অসম জাতীয় পৰিষদ আৰু অনান্য ৰাজনৈতিক দলে অসংৰক্ষিত বিধানসভা সমষ্টি সমূহত প্ৰাৰ্থী প্ৰক্ষেপ নকৰা বা টিকট প্ৰদানৰ পৰা বঞ্চিত কৰাৰ সন্দৰ্ভত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ সোনোৱাল কছাৰী সমাজে সংবাদমেলৰ জৰিয়ে দি তীব্ৰ বিৰোধিতা কৰিছে । ঘাইকৈ অনুসূচীত জনজাতি সকলৰ বাবে সংৰিক্ষত নোহোৱা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজান, টিংখং, নাহৰকটীয়া, খোৱাং, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিত বুজন সংখ্যক সোনোৱাল কছাৰী ভোটাৰৰ বসতি থকাৰ পিছতো আজিৰ তাৰিখলৈ কোনো এটা ৰাজনৈতিক দলে প্ৰাৰ্থী প্রক্ষেপ নকৰাটো অতি দুভাগ্যজনক আৰু সোনোৱাল কছাৰী সকলক ৰাজনৈতিক, অর্থনৈতিক সামাজিক বা সাংস্কৃতিক ভাৱে অৱদমন কৰাটো অতিপৰিতাপৰ বিষয়। ভাৰতবৰ্ষ স্বাধীনতাৰ সাত টা দশক অতিক্ৰম কৰাৰ মাজত কেৱল দুই এগৰাকী বিধায়ককহে অসম বিধান সভালৈ নিৰ্বাচিত কৰাৰ ফলত সোনোৱাল কছাৰী সকলৰ ৰাজনৈতিক আশা আকাংক্ষা আজিৰ তাৰিখলৈকে পুৰণ নহল আৰু যোৱা দশক সমূহত সোনোৱাল কছাৰী সকলৰ গণতান্ত্রিক অধিকাৰ তীব্ৰভাৱে খর্ব কৰা হ’ল। অসমৰ আদিম ভূমিপুত্ৰ খিলঞ্জীয়া সোনোৱাল কছাৰী সকলক যুগ যুগ ধৰি কৰি অহা এই প্ৰতাৰণা সোনোৱাল কছাৰী নৱপ্ৰজন্ম আৰু জাতীয় সংগঠন সমূহে কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ পৰিবৰ্তন নঘটিলে বিকল্প চিন্তা কৰিবলৈ বাধ্য হব বুলিও সংবাদ মাধ্যমৰ যোগে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ সোনোৱাল কছাৰী সমাজে অৱগত কৰিছে। আগন্তুক নিৰ্বাচনত সকলো ৰাজনৈতিক দলক সোনোৱাল কছাৰী অধ্যুষিত অঞ্চলত টেটুফালি নির্বাচনী প্ৰচাৰ অভিজান বন্ধ কৰিবলৈ ইয়াৰ যোগে সঁকীয়াই দিয়া হৈছে। ১৪ শ শতিকাত সোনোৱাল কছাৰী সকলে নৱ বৈষ্ণৱবাদত চামিল হৈ অসমীয়া ভাষা সংস্কৃতিক আকোঁৱালী লৈ নতুন অসম গঢ়াৰ পথত অগ্ৰসৰ হৈছিল যদিও ৰাজনৈতিক দল সমূহৰ এনে অবহেলাই পৃথকতাবাদী চিন্তাৰ যে উদ্রেক ঘটাব ই ধুৰূপ । গতিকে সকলো ৰাজনৈতিক দলক প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পূৰ্বে সিদ্ধান্ত সমূহ বিবেচনা কৰিবলৈ এক বিবৃতিৰ জৰিয়তে দাবী জনাইছে।
