ডিব্ৰুগড়ত সোণোৱাল কছাৰী ছাত্ৰ সন্থা-নাৰী সন্থাৰ বি জে পি চৰকাৰক জনজাতি বিৰোধী আখ্যা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি চৰকাৰক জনজাতি বিৰোধী আখ্যা দি বিভিন্নজন সোণোৱাল লোকে ক্ষোভ উজাৰিলে ডিব্ৰুগড়ত অনুষ্ঠিত এক নাগৰিক সভাত৷ প্ৰধানকৈ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা, সোণোৱাল কছাৰী সকলক অধিক ক্ষমতাযুক্ত স্বায়ত্ত্ব শাসন প্ৰদান আৰু সোণোৱাল কছাৰী সকলক প্ৰতিনিধিত্ব কৰিব পৰাকৈ বিধানসভাত আসন সংৰক্ষণৰ দাবীত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এক নাগৰিক সভা৷ ৰাজ্যখনৰ সোণোৱাল অধ্যুষিত জিলাসমূহৰ প্ৰতিনিধি আৰু সংগঠন দুটাৰ নেতৃবৃন্দসহ তিনি শতাধিক সদস্য- সদস্যাৰ উপস্থিতিত অনুষ্ঠিত নাগৰিক সভাখনিৰ সভাপতিত্ব কৰে সংগঠন দুটাৰ সভাপতি ৰশ্মিৰেখা সোণোৱাল আৰু দেবানন্দ চেলেঙে৷ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱালে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আৰম্ভণিতে দুয়োগৰাকী সভাপতিয়ে ৰাজ্য চৰকাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনি গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত নকৰি অন্তৱৰ্তীকালীন পৰিষদ নিযুক্তি দিয়া কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ দ্বাৰা জনজাতিটোৰ অধিকাৰ খৰ্ব কৰিছে বুলি অভিযোগ কৰি এইক্ষেত্ৰত পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণৰ বাবেই নাগৰিক সভা আয়োজনৰ কথা দোহাৰে৷ সভাত বক্তব্য আগবঢ়ায় জনজাতিটোৰ বিশিষ্ট ব্যক্তি তথা অধিবক্তা কেশৱ চন্দ্ৰ সোণোৱালে ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি সকলোৱে একত্ৰিত হৈ আন্দোলন কৰাৰ সপক্ষে মত পোষণ কৰাৰ উপৰিও জনজাতিটোৰ একাংশ সংগঠনৰ সাংগঠনিক অৱস্থা শক্তিশালী কৰাৰ আহ্বান জনাই এইক্ষেত্ৰত লোৱা দুৰ্বল ভূমিকাৰ বাবে নেতৃবৃন্দক ক্ষুৰধাৰ সমালোচনা কৰে৷ আন এগৰাকী বিশিষ্ট ব্যক্তি কুলস্বামী লালোৱাৰীয়ে ৰাজ্য চৰকাৰে জনজাতিটোৰ প্ৰতি লোৱা অৱহেলাৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি সকলো বুদ্ধিজীৱী তথা সচেতন ৰাইজক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ আহ্বান জনায়৷ আন এগৰাকী বক্তা সুমন্ত বড়াই সোণোৱাল জনজাতিৰ বাবে বিধানসভাত একাধিক আসন সংৰক্ষণৰ বাবে কেৱল সোণোৱাল সকলেই নহয় সংশ্লিষ্ট স্থানৰ অন্যান্য জনজাতিসকলক সাঙুৰি লৈ এই দাবী উত্থাপনৰ বাবে আহ্বান জনায়৷ সভাত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব চন্দন সোণোৱালে অসমৰ বিজেপি শাসিত চৰকাৰখন সঁচাকৈয়ে এখন জনজাতি বিৰোধী চৰকাৰ বুলি উল্লেখ কৰি পূৰ্বৰ আঞ্চলিক দল বিজেপি আৰু কংগ্ৰেছ দলো জনজাতি বিৰোধী আছিল বুলি উল্লেখ কৰি সোণোৱাল জনজাতিৰ সকলো সংগঠনে চৰকাৰৰ বিৰুদ্ধে মাত মাতিবৰ বাবে আহ্বান জনায়৷ সভাত সোণোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ অধ্যক্ষ ভুৱন চন্দ্ৰ বড়া, সোণোৱাল কছাৰী সাহিত্য সভাৰ অন্যতম সম্পাদক দিগন্ত হাজৰিকা, জনজাতিটোৰ বিশিষ্ট ব্যক্তি হেৰম্ব কুমাৰ দাস, ড॰ লৱৰাম সোণোৱাল, সত্যৰঞ্জন সোণোৱাল, কুমুদ সোণোৱাল, মেদিনী সোণোৱাল, ৰবীন সোণোৱাল, দেৱেন সোণোৱাল আদিকে ধৰি প্ৰতিখন জিলাৰ বহুসংখ্যক বক্তাই দাবীকেইটাৰ সমৰ্থনত নিজৰ নিজৰ অভিমত ব্যক্ত কৰে৷ সভাই সৰ্বসন্মতিক্ৰমে ঘোষিত দাবীসমূহৰ সমৰ্থনত প্ৰতিখন জিলাত নাগৰিক সভাৰ আলোচ্য বিষয়সমূহ বাস্তৱায়িত কৰিবলৈ একোখনকৈ জিলা পৰ্যায়ৰ নাগৰিক সভাৰ আয়োজন কৰা, চলিত আগষ্ট মাহত প্ৰতিখন জিলাত একেদিনাই জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা, দিছপুৰত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা আৰু এইসমূহ কাৰ্যসূচী পালনৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে এক বিশাল গণসমাৱেশ আয়োজন কৰাৰ লগতে অসম বিধানসভাত জনজাতিটোৰ পৰা প্ৰতিনিধি কৰিব পৰাকৈ সোণোৱাল কছাৰীসকলৰ প্ৰতিনিধি বিচাৰি সংশ্লিষ্ট পক্ষক দাবী জনাবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷