ডিব্ৰুগড়ত সুধাকণ্ঠৰ স্মৃতি বিজড়িত ‘মঞ্চৰূপা’ৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন: কেবাজনো বিশিষ্ট শিল্পীক বিশেষ সম্বৰ্ধনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- গৌৰৱময় ৬৭ বৰ্ষপূৰ্ণ কৰিলে সুধাকণ্ঠৰ ‘মঞ্চৰূপা’ই৷ এই উদ্দেশ্যে ২০ নৱেম্বৰত ডিব্ৰুগড়ৰ স্থানীয় আমোলাপট্টি নাট্য মন্দিৰত সন্ধিয়া অনুষ্ঠিত হোৱা ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বালনেৰে মঞ্চ উদ্বোধন কৰে গীতিকাৰ,সুৰকাৰ, সঙ্গীত পৰিচালক তথা ‘মঞ্চৰূপা’ৰ প্ৰাক্তন সভাপতি প্ৰশান্ত বৰদলৈয়ে৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠাপকদ্বয় ড° ভূপেন হাজৰিকা আৰু হাচান ছৰিফ আহমদৰ প্ৰতিকৃতিত শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে সদ্যপ্ৰয়াত অভিনেতা শিৱ প্ৰসাদ দত্তৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়৷ প্ৰতীক-চিহ্নৰ নৃত্য, শীৰ্ষ গীত পৰিৱেশনৰ লগতে বিভিন্ন নৃত্যগীতেৰে প্ৰেক্ষাগৃহ-পূৰ্ণ ৰাইজক মোহাচ্ছন্ন কৰে ‘মঞ্চৰূপা’ৰ শিল্পী সকলে৷ নৃত্য পৰিৱেশন কৰে ক্ৰমে প্ৰস্তুতি চাংকাকতি, তনভী তনয়া বৰুৱা, আমন্ত্ৰিত শিল্পী মিনাক্ষী গগৈ আৰু সঙ্গীতা কৰৰ পৰিচালনাৰে ‘দেৱদাসী নৃত্য’ আৰু শাস্ত্ৰীয় নৃত্য দলে৷ গীত পৰিৱেশন কৰে বনগীতৰ সম্ৰাট পদ্ম দাস, নিলীমা বৰদলৈ, ড° সুৰজিত বৰকটকী, ড°শ্ৰুতিধাৰা মহন্ত, ননীমাধৱ বৰকটকী, ইমন সৌৰভ বৰুৱা আৰু ৰতন গগৈয়ে৷ প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানৰ মাজতে উদীয়মান শিল্পী ইমন সৌৰভ বৰুৱাৰ কণ্ঠৰ প্ৰশান্ত বৰদলৈ ৰচিত এটি গীত উন্মোচন কৰে জনপ্ৰিয় শিল্পী ৰাম চাচনীয়ে৷ ‘মঞ্চৰূপা’ৰ সভাপতি শিল্পী চন্দন পাঠক, কাৰ্যকৰী সভাপতি বলিন্দ্ৰ নাথ বৰদলৈ, সম্পাদক লাকি চাংকাকতি, কোষাধ্যক্ষ চৈয়দা মাচহুদা ৰহমান, কাৰ্যনিৰ্বাহক সদস্য সৌৰভ বৰুৱা, ভূবন বৰুৱা, কবিতা শৰ্মা, মেঘালী শৰ্মা, মাধুৰিমা দত্ত আদি বিষয়ববীয়া সকলৰ হাতেৰে সম্বৰ্দ্ধনা জনোৱা হয়,— ৰঞ্জনা শৰ্মা বৰদলৈ, পদ্ম দাস, ডা°বিপিন্দ্ৰ নাথ কাকতি, ৰাম চাচনী,ড° ৰঘূ বৰবৰা, শেৱালি বৰবৰা, শৈলেন দত্ত, দূৰ্গা বৰঠাকুৰ, ব্ৰজেন পাঠক, মীৰ্জা নিয়ামুদ্দিন চৰিফ আহমেদ আদি ‘মঞ্চৰূপা’ৰ দীৰ্ঘ পৰিক্ৰমাত সক্ৰীয় ভাবে জড়িৰ বিশিষ্ট ব্যক্তি সকলক৷ সাংস্কৃতিক সন্ধিয়াৰ আঁত ধৰে সাংস্কৃতিক সম্পাদক শিল্পী হাচান ইকবালে৷ উল্লেখযোগ্য যে ১৯৫৭ চনত শিল্পী সতীৰ্থ হাচান ছৰিফ আহমদৰ সতে সুধাকণ্ঠই ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰিছিল এই সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘মঞ্চৰূপা’ আৰু তেতিয়াৰ পৰাই প্ৰতিবছৰে ইয়াক বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি আহিছে।