ডিব্ৰুগড়ত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা ৪৭ সংখ্যক মৃত্যু তিথি পালন

ডিব্ৰুগড়ত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা ৪৭ সংখ্যক মৃত্যু তিথি পালন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা, দ্য আছাম ট্ৰিবিউন কাকতৰ জন্মদাতা সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ ১৫ জুলাই ৪৭ সংখ্যক মৃত্যু তিথি পালন কৰা হয়। এই মহান ব্যক্তিগৰাকীৰ জন্মস্থান ডিব্ৰুগড়ত অনুৰাগীসকলে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত ৰাধাগোবিন্দ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি ড° কামিনী ৰঞ্জন বৰুৱাই আঁতধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই ৷ অনুষ্ঠানত অসম আদিত্য কাকতৰ বাণিজ্যিক পৰিচালক পবিত্ৰ কলিতা আৰু দ্য আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷