ডিব্ৰুগড়ত সাহিত্যিক ড০ নগেন শইকীয়াক জীৱন জোৰা সাধনা বঁটা, সাংবাদিক হাইদৰ হুছেইনক সাদিন বঁটা
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত মিতভাষ স্ৰষ্টা, প্ৰথিতযশা সাহিত্যক ড০ নগেন শইকীয়াক কালি(৮-১২-২৪) জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে সাদিন প্ৰতিদিন গোষ্ঠীয়ে। এই উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সাদিন প্ৰতিদিনৰ “এচিভাৰ এৱাৰ্ড-২০২৪” বঁটা গ্ৰহণ কৰি ড০ নগেন শইকীয়াই কয় যে তেঁও এই বঁটা লৈ সুখী।তেওঁ আৰু কয় যে মই মোৰ মাতৃ ভাষাত লিখা এজন সামান্য লেখক , অসম হৈছে মোৰ মাতৃ,অসম কেশৰীৰ পৰা শিকিছো অসমীয়া জাতীয়তবাদ, ভাৰতীয় মহাজীৱনতাবাদ আৰু মানৱতাবাদৰ আদৰ্শ ধাৰা। ভাষণৰ শেষত তেঁও কয় মই বন্দনা কৰোঁ -মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত , মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত।সাদিন প্ৰতিদিন গোষ্ঠীয়ে তেওঁক উপহাৰৰ লগত ১,১১,১১১/-টকাৰ এখন চেক প্ৰদান কৰে। বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমালোচক হাইদৰ হুছেইনক উপহাৰৰ লগতে ৫৫,৫৫৫/-টকাৰ এখন চেক প্ৰদান কৰে। এই অনুষ্ঠানতে এঘাৰ গৰাকী বিশিষ্ট ব্যক্তি, এটাকৈ সংস্থা গোটক এৱাৰ্ড প্ৰদান কৰে। অভিনেতা বিষ্ণু খাৰঘৰীয়া, শিল্পী চৈয়দ ছাদুল্লা, বিদুৰ ভাই পৰিয়াল, চিত্ৰ কলাৰ বাবে চালেহা আহমেদ আদিক বঁটাৰে সন্মানিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱা, ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা প্ৰমুখ্যে অনেক বিশিষ্ট ব্যক্তি।