ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভাৰ উদ্যোগত নৃত্য প্ৰতিযোগিতা সম্পন্ন:১৫ আগষ্টত বঁটা বিতৰণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সাংস্কৃতিক মহাসভা, অসমৰ অন্তৰ্গত ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত সত্ৰীয়া আৰু আধুনিক নৃত্যৰ আধাৰত এখনি “নৃত্য প্ৰতিযোগিতা” অনুষ্ঠিত হয় । ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত আয়োজিত উক্ত প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলে বুলি আয়োজক সকলৰ হৈ যুটীয়া সম্পাদকদ্বয় ক্ৰমে চন্দন জ্যোতি কলিতা আৰু দেৱীকা দেৱীয়ে জানিবলৈ দিছে । “ক” (নিম্ন শাখা) আৰু “খ” (উচ্চ শাখা) এই দুটা শাখাত আয়োজিত প্ৰতিযোগিতাৰ ফলাফল সমূহ হ’ল ক্ৰমে; অসমীয়া আধুনিক গীতৰ নৃত্য প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম প্ৰিঞ্চি প্ৰিয়া নাথ, দ্বিতীয় ইন্দ্ৰানী শইকীয়া, ‘খ’ শাখাত প্ৰথম পূবালী গগৈ, দ্বিতীয় হৰ্ষিতা গগৈ । সত্ৰীয়া নৃত্যৰ ‘ক’ শাখাত প্ৰথম ভব্যা বৰুৱা, দ্বিতীয় সুকন্যা সন্দিকৈ, ‘খ’ শাখাত প্ৰথম যদুমনি কোঁৱৰ দ্বিতীয় জিজ্ঞাসা শইকীয়া, তৃতীয় প্ৰজ্ঞা সোনোৱাল আৰু মৃন্ময়ী বুঢ়াগোহাঁই। অহা ১৫ আগষ্ট তাৰিখে বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটাসমূহ বিতৰণ কৰা হ’ব । প্ৰতিযোগিতাৰ মাজতে ৰীতা দাস শইকীয়া আৰু যদুমনি কোঁৱৰে দুটি গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে ।সাংস্কৃতিক মহাসভাৰ ৰহমৰীয়া আঞ্চলিকৰ সভাপতি অজয় গোঁহায়ে উদ্বোধন কৰা প্ৰতিযোগিতাস্থলীত দিলীপ দাস, মৃদুল শৰ্মা প্ৰমুখ্যে ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।