ডিব্ৰুগড়ত সাংবাদিক জেচিম আহমেদৰ মাতৃ মালেকা বেগমৰ পৰলোক
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নিউজ ‘১৮ ৰ সাংবাদিক জেচিম আহমেদৰ মাতৃ তথা প্ৰয়াত মুকুট আলিৰ পত্নী মালেকা বেগমৰ(৭১) ২৭-৯-২৫ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।বিগত কেইদিনমানৰ পৰা তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ নিবাসী মালেকা বেগমে মৃত্যুৰ সময়ত সাংবাদিক পুত্ৰ জেচিমৰ লগতেই পুত্ৰ – জীয়ৰী ক্ৰমে মিফটাৰ,আফচাৰৰ লগতে দুই বোৱাৰী,নাতি-নাতিনী আৰু বহু আত্মীয়ক ইহ সংসাৰত এৰি যায়।এগৰাকী অতি অমায়িক, সমাজত প্ৰতিষ্ঠিত ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ মৃত্যুত ৰাজ্যৰ মন্ত্ৰী প্ৰশান্ত ফুকনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ ঘৰত গৈ সমবেদনা জ্ঞাপন কৰে।তেখেতৰ মৃত্যুত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, উপ-সভাপতি বিভাস দুৱৰা, সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইসহ জ্যেষ্ঠ কণিষ্ঠ সাংবাদিক উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈ,ডিব্ৰুগড প্ৰেছ ক্লাব, ডিব্ৰুগড় সাহিত্য সভা,ডায়মণ্ড ৰ্স্পটিং ক্লাবৰ উপৰিও অনেক অনুষ্ঠান- প্ৰতিষ্ঠানৰ প্ৰতিনিধি আদি উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰে।আমোলাপট্টি কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত জানাজা নিমজ সম্পন্ন কৰা হয়।