ডিব্ৰুগড়ত সহস্ৰ অনুৰাগীৰ শোকৰ সমদল
এম হাছিম আলী,ডিব্ৰুগড় , ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন যে এতিয়া নিজানে-নিতালে শুই আছে চিৰকাললৈ, সেয়া মানি ল’বই পৰা নাই কোনেও। জুবিনৰ অৱদান সুঁৱৰি এক শোকাকুল পৰিৱেশত দিলে শেষ বিদায় দিলে ডিব্ৰুগড় বাসীয়ে। শ্রদ্ধাঞ্জলি অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি দুলাল বৰা, প্রাক্তন সভাপতি উজ্জ্বল কাশ্যপ, মহিলা মৰ্চাৰ জিলা সভাপতি মামুণ গগৈ মিত্র, ডিব্ৰুগড় জিলা পুৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোনোৱালকে ধৰি কেইবাজনো দলীয় নেতা-কর্মী উপস্থিত থাকে। একেদৰে প্ৰতিটো অঞ্চলতে জুবিনলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান। আৰু এয়াই স্বাভাবিক। কি দিয়া নাই জুবিনে? অসমীয়া কৃষ্টি-সংস্কৃতিৰ মূধচ হৈ থকা জুবিনো এতিয়া নোহোৱা হ’ল। এই কথাই এতিয়া আমনি দিছে প্রতিনিয়ত সকলোকে। বিদায় মহাতাৰকা বিদায়।দোকান বজাৰ, অনুষ্ঠান প্ৰতিষ্ঠান সকলো স্তব্ধ।। শোকৰ বন্যাই তিয়াই পেলাইছে সমগ্ৰ ৰাজ্য। মায়াবিনী ৰাতিৰ বুকুত মাথোঁ লোতক ভৰি উচুপিছে। শোকত ভাগি পৰিছে ৰাজ্যবাসী। জুবিনৰ নিথৰ দেহ এতিয়াও মাতৃভূমিত। ৰাজপথত হাতে হাতে মম আৰু চাকি জ্বলাই এতিয়া মাথোঁ জুবিনৰ চিৰশান্তি কামনা কৰিছে সকলোৱে। ডিব্ৰুগড়ৰ ৰাজপথতো শোকৰ সমদল। হাজাৰ হাজাৰ জুবিনপ্রেমীয়ে হাতে হাতে মমবাতি লৈ থানা চাৰিআলিৰ পৰা চৌকিডিঙ্গীলৈকে বাহিৰ কৰে সমদল। সকলো হেৰুৱাই নিসংগ হৈ পৰাৰ দৰেই মাথোঁ চকুলো টুকিছে সকলোৱে। ইফালে বৰবৰুৱাতো হাজাৰ হাজাৰ লোকে জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰি বাহিৰ কৰে শোকৰ সমদল। নালিয়াপুল, আমোেলাপট্টি, পল্টন বজাৰ, মলুখুবচা সকলোতে হাতে হাতে মম,চাকি। সকলোৱে কামনা কৰিছে জুবিন যতে থাকা শান্তিৰে থকা।