ডিব্ৰুগড়ত সর্বানন্দ সোনোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত লোকসভা নির্বাচনত ডিব্ৰুগড়ৰ পৰা এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাত আজি (১৫-৩-২৪) আনুষ্ঠানিক ভাৱে লুৰিণজ্যোতি গগৈয়ে বৰবৰুৱা চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লৈ প্ৰচাৰ আৰম্ভ কৰে। আনহাতে দলীয় কর্মী সকলে বৰবৰুৱাৰ পৰা ৰেলী কৰি ডিব্ৰুগড়ৰ বগাবাবা মাঝাৰলৈ গগৈক আগবঢ়াই আনে। প্রাথিত্ব লাভৰ পিছতেই সাংবাদিকৰ সন্মূখত লুৰিণজ্যোতি গগৈয়ে অন্যায়ৰ বিৰুদ্ধে আমাৰ এই যাত্ৰাৰ আৰম্ভ হব বুলিও কয়। লগতে কয় যে আপোনালোকে জানে যে ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচন এইবাৰ সৰ্বানন্দ সোনোৱালৰ আৰু লুৰিণজ্যোতি লগত যুজঁ নহয়, এইখন যুঁজ ন্যায়ৰ প্ৰচেষ্টাৰ যুঁজ। যি সময়ত সম্প্ৰদায়িকতা ঘৃণা বিভাজনৰ ৰাজনীতি বিজেপিয়ে সমাজত বিয়পাই বিপন্ন কৰিছে, সেই সময়ত মানুহৰ মাজত সমন্বয় ভাতৃত্ববোধৰ প্ৰেমৰ মহান বাণীৰ কথা ইছলামে কৈছে। সেই কাৰণে আজি বগাবাবা মাঝাৰত প্ৰাৰ্থনা জনাইছো। এই মাঝাৰত আল্লাৰ ওচৰত আগন্তুক দিন সমূহত যি অন্যায় কৰিছে সেই ৰাজনীতি এটা সময়ত শেষ হব লাগে বুলিও লুৰিণজ্যোতিয়ে প্ৰাৰ্থনা কৰে। মানুহৰ মাজত সম্প্ৰদায়িকতা,ঘৃণা আৰু মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰা ৰাজনীতি শেষ হব লাগে। দেশৰ গণতন্ত্ৰ,সংবিধান আদি আজি সকলো সংকটত।মানুহৰ মাজত যিটো সমন্বয়ৰ যিটো আদৰ্শ আছিল সেইতোও সংকটৰ মাজলৈ লৈ গৈছে।ডিব্ৰুগড়ৰ ৰাইজক আহ্বান জনাই লুৰিণজ্যোতিয়ে কয় যে আহক আমি সকলোৱেই একত্ৰিত হয় সন্মিলিত ভাৱে যুঁজ দিওঁ। লুৰিণজ্যোতি গগৈয়ে কয় যে ডিব্ৰুগড় লোকসভাৰ সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচন খেলিবলৈ ইচ্ছা কৰা নাছিল,তেওঁ গুৱাহাটীত বা আন কোনোবা ঠাইতহে বিচাৰিছিল যদিও বিজেপি দলে সৰ্বানন্দ সোনোৱালক জোৰকৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে টিকট দিছে।এটা জাতীয়তাবাদী শক্তিক নিশেষ কৰিবলৈ চেষ্টা কৰিছে। বিজেপিয়ে যিমান সহজ বুলি ভাবিছে সৰ্বানন্দ সোণোৱাল জিকাৰ কথা, তেওঁক হৰুৱাবলৈ অতিকৈ সহজ কথা যিহেতু তেওঁৰ বিপক্ষে লুৰিণজ্যোতি আছে বুলি জনায়। গগৈয়ে আৰু কয় যে স্বতঃস্ফূৰ্ত ভাবে আপোনাকে ৰাইজৰ সঁহাৰি, যিটো কাৰ ৰেলী দেখিছে এইটো কোনো সংগঠনৰ কোনো ৰেলী নহয়, ৰাইজে নিজেই ওলাই অহা দেখা পাইছে।